নিউজ ডেস্কঃ বিয়াৰ পিছত একেলগে মন্দিৰলৈ গৈছিল এহাল দম্পতী। কিন্তু এটা ভয়ংকৰ দুৰ্ঘটনাই নিমিষতে শেষ কৰি পেলালে তেওঁলোকৰ নতুন সংসাৰৰ অলেখ সপোন। কৰ্ণাটকৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে এখন তীব্ৰবেগী কাৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ন-বিবাহিত দম্পতীয়ে। মাত্ৰ ১৫ দিন পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা কাৰ্তিক (৩৪) আৰু তেওঁৰ পত্নী ঐশ্বৰ্যই (৩০) মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে এই মৰ্মান্তিক দুৰ্ঘটনাৰ বলি হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, হাভেৰী চহৰৰ বাসিন্দা কাৰ্তিক পেচাত এজন ফুলৰ ব্যৱসায়ী আছিল। শনিগাওঁ তালুকৰ কাডাহল্লী গাঁৱৰ সমীপত সংঘটিত এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বহু চেষ্টাৰ অন্তত বাহনখনৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা আন দুজন যাত্ৰীও গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ হুব্বলীৰ কিমছ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বিয়াৰ উছাহ মাৰ নৌযাওঁতেই মন্দিৰৰ পৰা ওভতাৰ পথত হোৱা এই অকাল মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘাইপথত ট্ৰাকখন এনেদৰে বিপদজনকভাৱে ৰখাই থোৱাৰ বাবেই এই শোকাবহ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।









