প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ

নিউজ ডেস্কঃ প্ৰেমৰ বাবে নাই কোনো নিৰ্দিষ্ট সীমা অথবা সংখ্যা, সেইবাবেই হয়তো জীৱনৰ যাত্ৰাত প্ৰেম আহিব পাৰে বাৰে বাৰে। প্ৰেমৰ এনে এক অমোঘ আকৰ্ষণৰ বাবেই শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মধ্য প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া।

অভি প্ৰসাদ নামৰ ২০১৪ বেচৰ এই বিষয়াগৰাকীৰ শেহতীয়া সম্পন্ন হোৱা তেওঁৰ তৃতীয় বিবাহক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ। মন কৰিবলগীয়া যে, অভি প্ৰসাদৰ বৰ্তমানৰ পত্নীৰ লগতে প্ৰাক্তন দুই পত্নীও হৈছে একেই প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া।

image 31
প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ 6

মধ্য প্ৰদেশ কেডাৰৰ অভি প্ৰসাদে যোৱা ১১ ফেব্ৰুৱাৰীত ২০১৭ বেচৰ আইএএছ বিষয়া অংকিতা ধাক্ৰেৰ সৈতে এক ব্যক্তিগত অনুষ্ঠানত নতুন জীৱন আৰম্ভ কৰে। অংকিতা বৰ্তমান মন্ত্ৰালয়ত উপ-সচিব হিচাপে কৰ্মৰত। কুশল জিলাৰ এখন প্ৰাইভেট ৰিজৰ্টত কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিত এই বিবাহ সম্পন্ন হয়।

ইয়াৰ পূৰ্বে অভিয়ে ৰিজু বাফনা আৰু মিশা সিং নামৰ আন দুগৰাকী আইএএছ বিষয়াৰ সৈতে সংসাৰ পাতিছিল যদিও সেই সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল।

image 32
প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ 7

আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল যে অভি প্ৰসাদৰ প্ৰাক্তন দুই পত্নীয়েই বৰ্তমান মধ্য প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ জিলাৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আছে।

image 35
প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ 8

প্ৰথমা পত্নী ৰিজু বাফনা বৰ্তমান শাজাপুৰৰ জিলা উপায়ুক্ত হোৱাৰ বিপৰীতে দ্বিতীয় পত্নী মিশা সিং ৰতলাম জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত।

image 34
প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ 9

একেখন ৰাজ্যতে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বৈবাহিক সম্পৰ্ক গঢ়ি তোলা অভিৰ এই কাহিনীয়ে এতিয়া প্ৰশাসনিক মহলত মুখৰোচক চৰ্চাৰ সৃষ্টি কৰিছে।

image 33
প্ৰেমৰ নাই কোনো পৰিধি! একেখন ৰাজ্যৰে তিনিগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভি প্ৰসাদ 10

ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাৰ পূৰ্বে অভি প্ৰসাদে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মেনেজাৰ হিচাপেও কাম কৰিছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা অভিৰ এই তৃতীয় বিবাহে ছ’চিয়েল মিডিয়াটো লাভ কৰিছে ব্যাপক চৰ্চা। এজন বিষয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা এনে বিৰল পাৰিবাৰিক সংযোগৰ কথাই এতিয়া বহুতৰে বাবে উৎসুকতাৰ কাৰণ হৈ পৰিছে।

Leave a Comment