আনলৈ বুলি হূল পুতি নিজেই তাৰ বলি হ’ল এজন অপৰাধী! বোমা নিৰ্মাণৰ সময়তে বিস্ফোৰণ ঘটি মাতৃ-পুত্ৰৰ মৃত্যু

নিউজ ডেস্কঃ আনলৈ বুলি হূল পুতি নিজেই সেই হূলত পৰাৰ দৰে এক ভয়ংকৰ পৰিণতি শেহতীয়াকৈ সংঘটিত হ’ল ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত। অইনক আঘাত কৰিবলৈ কৰা কুটিল ষড়যন্ত্ৰই কেনেদৰে নিজৰ পৰিয়ালটোলৈ কাল মাতি আনিব পাৰে, তাৰেই এক জীৱন্ত সাক্ষী হৈ ৰৈছে ভুৱনেশ্বৰৰ আজাদ নগৰৰ এটা বাসগৃহৰ ছাদত হোৱা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা। যোৱা ২৭ জানুৱাৰীত সংঘটিত এই বিস্ফোৰণৰ এক শিহৰণকাৰী চিচিটিভি ফুটেজ এতিয়া পোহৰলৈ আহিছে, যিয়ে সমগ্ৰ দেশ কঁপাই তুলিছে।

প্ৰতিশোধৰ জুইত অন্ধ হৈ এজন দুৰ্ধৰ্ষ অপৰাধীয়ে নিজৰ মাতৃ আৰু হ’বলগীয়া পত্নীক লগত লৈ ঘৰৰ ছাদতে দেশী বোমা প্ৰস্তুত কৰি থকাৰ সময়তে এই অঘটন ঘটে। হঠাৎ হোৱা বিস্ফোৰণে ছাদৰ পানীৰ টেংকীৰ কাষত থকা চাৰিজন লোকক থিতাতে অগ্নিদগ্ধ কৰে। ফুটেজত দেখা গৈছে যে বিস্ফোৰণৰ পাছত শৰীৰত জুই লগা অৱস্থাতে লোকসকলে প্ৰাণৰ মমতাৰে দৌৰা-দৌৰি কৰিছে। এই কৰুণ ঘটনাত অভিযুক্ত যুৱকজন আৰু তেওঁৰ মাতৃৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন বৰ্তমান হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে।

image 36
আনলৈ বুলি হূল পুতি নিজেই তাৰ বলি হ’ল এজন অপৰাধী! বোমা নিৰ্মাণৰ সময়তে বিস্ফোৰণ ঘটি মাতৃ-পুত্ৰৰ মৃত্যু 4

প্ৰকাশ পোৱা ভিডিঅ’টোত দেখা গৈছে যে ছাদৰ ওপৰত শাৰী শাৰীকৈ থকা পানীৰ টেংকিৰ আঁৰত বোমা নিৰ্মাণৰ কাম চলি আছিল। হঠাতে এটা প্ৰচণ্ড শব্দৰ সৈতে ধোঁৱাৰ কুণ্ডলী উৰি আহে আৰু মুহূৰ্তৰ ভিতৰতে শৰীৰত জুই লগা অৱস্থাত ২৬ বছৰীয়া শ্বাহনৱাজ মালিক আৰু তেওঁৰ মাতৃ লিলাতুন বিবি টেংকিৰ আনটো পাৰলৈ দৌৰি আহে। জুইৰ লেলিহান শিখাই তেওঁলোকৰ কাপোৰত ধৰাৰ পাছত তেওঁলোকে নিজ হাতেৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছে।

image 37
আনলৈ বুলি হূল পুতি নিজেই তাৰ বলি হ’ল এজন অপৰাধী! বোমা নিৰ্মাণৰ সময়তে বিস্ফোৰণ ঘটি মাতৃ-পুত্ৰৰ মৃত্যু 5

ভিডিঅ’টোৰ আটাইতকৈ মৰ্মান্তিক অংশটো আছিল শ্বাহনৱাজে শৰীৰৰ জুই নুমুৱাবলৈ পানীৰ টেংকীৰ নলটো খুলি দি নিজৰ গাটো ধুবলৈ চেষ্টা কৰা দৃশ্য। তেওঁৰ হ’বলগীয়া পত্নী তৃপ্তিময়ী মহলে অগ্নিদগ্ধ হোৱা সত্ত্বেও শ্বাহনৱাজক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। কিন্তু শৰীৰৰ অধিকাংশ জ্বলি যোৱাৰ ফলত শ্বাহনৱাজ টেংকীৰ কাষতে বহি পৰে আৰু মুহূৰ্ততে ঢলি পৰে। পাছত হাস্পতালত তেওঁ আৰু তেওঁৰ মাতৃৰ মৃত্যু হয়। আনহাতে বন্ধু অমীয়া মালিক আৰু তৃপ্তিময়ী বৰ্তমান চিকিৎসাধীন হৈ আছে।

image 38
আনলৈ বুলি হূল পুতি নিজেই তাৰ বলি হ’ল এজন অপৰাধী! বোমা নিৰ্মাণৰ সময়তে বিস্ফোৰণ ঘটি মাতৃ-পুত্ৰৰ মৃত্যু 6

ঘটনাৰ ভয়াৱহতা আৰু বোমা নিৰ্মাণৰ ৰহস্যৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ এনআইএ-ই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণস্থলীত আৰক্ষীয়ে যথেষ্ট পৰিমাণৰ গানপাউদাৰ উদ্ধাৰ কৰিছে, যিয়ে সেই স্থানত সঁচাকৈয়ে বোমা তৈয়াৰ কৰি থকাৰ প্ৰমাণ দাঙি ধৰিছে। এজন ব্যক্তিয়ে কেনেকৈ নিজৰ পৰিয়ালক এক ভয়াৱহ অপৰাধৰ অংশীদাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই কথাই এতিয়া সচেতন মহলক আচৰিত কৰি তুলিছে। আৰক্ষীৰ মতে, মৃত যুৱকজনৰ পূৰ্বেও বহু অপৰাধমূলক ৰেকৰ্ড আছিল।

Leave a Comment