ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তত নতুন মোৰঃ দুই অভিযুক্তক ক্লীন চিট

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ চৰ্চিত পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৰহস্যভেদৰ মাজতে মেঘালয় আৰক্ষীৰ তদন্তত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰ সন্দেহত শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন ব্যক্তিক শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাত সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰা হয়। তদন্তকাৰী বিষয়াই জনোৱা মতে, যিবোৰ তথ্যৰ ভিত্তিত তেওঁলোকক আটক কৰা হৈছিল, পৰৱৰ্তী অনুসন্ধানত সেইবোৰৰ কোনো শক্তিশালী প্ৰমাণ লাভ কৰা নগ’ল।

প্ৰাপ্ত তথ্য অনুসৰি, এই মৰ্মান্তিক হত্যাকাণ্ডৰ পাছত অভিযুক্ত সোনম আৰু বিশাল চৌহানে যিটো ফ্লেটত আশ্ৰয় লৈছিল, তাৰ মালিক লোকেন্দ্ৰ সিং তোমৰ আৰু গেটমেন বলবীৰ সিং আহিৰৱাৰক আৰক্ষীয়ে সন্দেহৰ আৱৰ্তলৈ আনিছিল। ইষ্ট খাছী হিলচৰ আৰক্ষী অধীক্ষক বিবেক ছিগমে সংবাদ মাধ্যমৰ আগত কয়, “প্ৰাৰম্ভিক তথ্য আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল যদিও অভিযুক্ত দুজনৰ এই অপৰাধত কোনো সক্ৰিয় ভূমিকা প্ৰমাণ নহ’ল।” উল্লেখ্য যে, দালালৰ জৰিয়তে ভাৰাত লোৱা সেই ফ্লেটটোৰ সৈতে হত্যাকাণ্ডৰ কোনো পোনপটীয়া সংযোগ নোপোৱাৰ বাবে আৰক্ষীয়ে তেওঁলোকক ক্লীন চিট প্ৰদান কৰে।

মন কৰিবলগীয়া যে, মেঘালয়ত হনিমুনলৈ যোৱাৰ সময়তে পত্নী সোনম ৰঘুবংশীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে মিলি ৰাজা ৰঘুবংশীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এটা জলপ্ৰপাতৰ দ খাৱৈত পেলাই দিয়া ব্যৱসায়ীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বৰ্তমান আৰক্ষীয়ে মুখ্য অভিযুক্তৰ বিৰুদ্ধে তদন্ত অধিক জোৰদাৰ কৰি তুলিছে।

Leave a Comment