নিউজ ডেস্কঃ স্থানীয় নিৰ্বাচনত পঞ্চায়ত সভাপতি পদত প্ৰতিদ্বন্দিতা কৰাৰ বাবেই এজন পাষণ্ড পিতৃৰ হাতত প্ৰাণ হেৰুৱালে ছবছৰীয়া এটি কণমানিয়ে।
চৰকাৰী নিয়মানুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত বাধা থকাৰ বাবেই মহাৰাষ্ট্ৰৰ নান্দেৰ জিলাৰ পাণ্ডুৰং কোন্দমংগালে নামৰ লোকজনে খালত পেলাই হত্যা কৰে নিজৰে ছয় বছৰীয়া কন্যাক।
তেলেংগানাৰ আৰক্ষীয়ে নিজাম সাগৰ খালৰ পৰা প্ৰাচী নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ সমগ্ৰ ৰহস্য পোহৰলৈ আহে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জন্ম গাঁৱতে চেলুন চলোৱা পাণ্ডুৰঙে নিৰ্বাচনী বিধি উলংঘা কৰাৰ উদ্দেশ্যৰে বৰ্তমানৰ ছৰপঞ্চ গণেশ সিন্দেৰ সৈতে মিলি এই নৃশংস ষড়যন্ত্ৰ ৰচনা কৰিছিল।
যোৱা জানুৱাৰী মাহত নিৰ্বাচনী মনোনয়নৰ পূৰ্বে তেওঁ নিজ কন্যাক ফুৰাবলৈ নিয়াৰ চলেৰে চুবুৰীয়া তেলেংগানালৈ লৈ যায় আৰু তাতেই হত্যাকাণ্ডটো সংঘটিত কৰে। ৰাজনৈতিক ক্ষমতা দখলৰ বাবে নিজ সন্তানক বলি দিয়াৰ এই ঘটনাই বৰ্তমান সমগ্ৰ মহাৰাষ্ট্ৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইতিমধ্যে তেলেংগানা আৰক্ষীৰ সহযোগত নান্দেৰ আৰক্ষীয়ে হত্যাকাৰী পিতৃ পাণ্ডুৰং আৰু তেওঁৰ সহযোগী ছৰপঞ্চ গণেশক গ্ৰেপ্তাৰ কৰিছে। আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে দুয়োগৰাকী অভিযুক্তক জিম্মাত লৈ সমগ্ৰ হত্যাকাণ্ডৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।









