৬ মহীয়া সন্তানক কোলাত লৈ গংগাত জাঁপ দিয়াৰ চেষ্টা দুৰ্ভগীয়া মাতৃৰ! আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰিল দুয়োৰে প্ৰাণ

নিউজ ডেস্কঃ চৰম পৰিস্থিতিত ভাগি পৰি কণমানি সন্তানৰ সৈতে নৈৰ বুকুত জাঁপ দিয়াৰ পৰিকল্পনা কৰিছিল এগৰাকী মহিলাই। কিন্তু ঠিক সেই মুহূৰ্তত তাত উপস্থিত হোৱা এগৰাকী আৰক্ষী বিষয়াৰ তৎপৰতা আৰু মানৱীয়তাই ৰক্ষা কৰিলে মহিলাগৰাকীৰ প্ৰাণ। শেহতীয়াকৈ বিহাৰৰ ভাগলপুৰ জিলাত সংঘটিত এই ঘটনাই এতিয়া সকলোৰে চকু সেমেকাই তুলিছে। এগৰাকী মহিলাই নিজৰ ছয় মহীয়া দেৱশিশুটিক কোলাত লৈ গংগাত জাঁপ দিবলৈ উদ্যত হোৱাৰ মুহূৰ্ততে মহিলাগৰাকী আৰু শিশুটিৰ জীৱন ৰক্ষা কৰে ডাইল ১১২ ত কৰ্মৰত ছাব-ইন্সপেক্টৰ ছিকন্দৰ কুমাৰে।

ঘটনাৰ বিৱৰণ অনুসৰি, ছাব-ইন্সপেক্টৰ ছিকন্দৰ কুমাৰে নিশাৰ কৰ্তব্য শেষ কৰি বাইকেৰে ঘৰলৈ ওভতাৰ পথতে বিক্ৰমশিলা দলঙৰ ওপৰত এগৰাকী মহিলাক অতি সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰে। মুহূৰ্তৰ ভিতৰতে পৰিস্থিতিৰ ভয়াৱহতা অনুভৱ কৰি তেওঁ বাইকখন ৰখাই দৌৰি গৈ জাঁপ দিবলৈ উদ্যত হোৱা মহিলাগৰাকীক থাপ মাৰি ধৰে। আৰক্ষী বিষয়াগৰাকীৰ এনে ক্ষীপ্ৰতাৰ বাবেই মাতৃ আৰু শিশুটি নিশ্চিত মৃত্যুৰ মুখৰ পৰা সাৰি যায়।

উদ্ধাৰৰ পাছত আৰক্ষী বিষয়াজনে মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰা মহিলাগৰাকীক সুস্থিৰ কৰি বৰাৰী টিঅ’পি থানাত চমজাই দিয়ে। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, তীব্ৰ পাৰিবাৰিক বিবাদ আৰু মানসিক চাপ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে এই ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিছিল। বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীক প্ৰয়োজনীয় মানসিক পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰিছে। এগৰাকী আৰক্ষী বিষয়াৰ এনে মানৱীয়তাই এতিয়া সমগ্ৰ জিলাখনতে চৰ্চা লাভ কৰিছে।

Leave a Comment