ENGLISH

বিৰল পক্ষী চিকাৰ কৰি ৰঙাঘৰত সোমাল দুই যুৱক; জব্দ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণী

নিউজ ডেস্কঃ বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি বনাঞ্চলত অবৈধ চিকাৰ চলোৱা অপৰাধত এতিয়া কাৰাগাৰৰ আলহী হ’বলগীয়া হ’ল দুজন উদণ্ড চিকাৰী। মিজোৰামৰ লংলেয় জিলাৰ অন্তৰ্গত তু্ইফাল বনাঞ্চলত যোৱা ৩১ জানুৱাৰীত নিয়মীয়া তহল দি থকাৰ সময়তে নেংপুই বন্যপ্ৰাণী ৰেঞ্জৰ বনকৰ্মীৰ দলে লালট্লানজুৱালা আৰু লালবিয়াকলিয়ানা নামৰ লোক দুজনৰ পৰা দুটা এয়াৰ ৰাইফলসহ বৃহৎ পৰিমাণৰ মৃত পক্ষী উদ্ধাৰ কৰে। ধৃত চিকাৰী দুজনৰ বিৰুদ্ধে বন বিভাগে এক ফৌজদাৰী গোচৰ ৰুজু কৰি সোমবাৰে আদালতত হাজিৰ কৰায়।

বন বিষয়াসকলে জনোৱা মতে, জব্দ কৰা বন্যপ্ৰাণীসমূহৰ ভিতৰত বন্যপ্ৰাণী সুৰক্ষা আইনৰ প্ৰথম সূচীত অন্তৰ্ভুক্ত ৩ টা বিৰল পক্ষীৰ লগতে আন কেইবাটাও প্ৰজাতিৰ ৩৮ টা পক্ষী আৰু কেৰ্কেটুৱা আছে। ১ ফেব্ৰুৱাৰীত লংলেয়ৰ চিজেএম আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে অভিযুক্ত দুয়োকে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে প্ৰথম সূচীৰ অন্তৰ্ভুক্ত জীৱ-জন্তু হত্যাৰ বাবে সৰ্বনিম্ন তিনি বছৰৰ কাৰাদণ্ড আৰু বৃহৎ জৰিমনাৰ বিধান আছে।

বন্যপ্ৰাণীৰ বিৰুদ্ধে চলি থকা এনে অপৰাধ ৰোধ কৰিবলৈ বন বিভাগে এতিয়া অনুসন্ধান আৰু তহল অধিক তীব্ৰতৰ কৰি তুলিছে। জিলাখনৰ বনজ সম্পদ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন বুলিও বিভাগীয় কৰ্তৃপক্ষই দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *