নিউজ ডেস্কঃ যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মেঘৰ সৈতে অন্তিম মুহূৰ্তলৈকে যুঁজ দি অৱশেষত আকাশমাৰ্গতে মৃত্যুক সাৱটিলে দুগৰাকী দক্ষ বৈমানিকে। মহাৰাষ্ট্ৰৰ পুনেৰ বাৰামতী বিমানবন্দৰত অৱতৰণৰ চেষ্টা কৰোঁতেই বুধবাৰে পুৱা সংঘটিত হোৱা এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় দুই অভিজ্ঞ বৈমানিকে। ‘ভি এছ আৰ এভিয়েশ্যন’ৰ দ্বাৰা পৰিচালিত লিয়েৰজেট ৪৫ বিমানখনত থকা কেপ্টেইন সুমিত কাপুৰ আৰু কেপ্টেইন সাম্ভৱী পাঠকৰ মৃত্যুৰ খবৰে এতিয়া দেশৰ এভিয়েশ্যন উদ্যোগৰ লগতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰক লৈ মুম্বাইৰ পৰা পুনে অভিমুখে উৰা মৰা বিমানখনত থকা মুঠ পাঁচজন যাত্ৰীৰ ভিতৰত এই দুই চালকৰ ভূমিকা আৰু অভিজ্ঞতাক লৈ এতিয়া বিশ্লেষণ চলিছে।

নিহত দুই পাইলটৰ ভিতৰত কেপ্টেইন সাম্ভৱী পাঠক আছিল এগৰাকী সেনা বিষয়াৰ কন্যা। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি এৰোনটিক্স সমাপ্ত কৰা পাঠকে নিউজিলেণ্ডৰ পৰা আন্তৰ্জাতিক কমাৰ্চিয়েল পাইলটৰ প্ৰশিক্ষণ লয়। আনহাতে, কেপ্টেইন সুমিত কাপুৰ আছিল ১৬,০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা থকা এজন অত্যন্ত দক্ষ চালক, যিয়ে পূৰ্বে চাহাৰা আৰু জেট এয়াৰৱেজৰ দৰে প্ৰতিষ্ঠানত কাম কৰিছিল। ভি এছ আৰ এভিয়েশ্যনৰ মুৰব্বী ভি কে সিঙে জনোৱা মতে, দুয়োগৰাকী পাইলট দিল্লী নিবাসী আছিল আৰু তেওঁলোকৰ মাজত এক ঘনিষ্ঠ পাৰিবাৰিক সম্পৰ্ক আছিল।

তদন্তৰ প্ৰাথমিক তথ্য অনুসৰি, অতি কম দৃশ্যমানতা আৰু প্ৰচণ্ড কুঁৱলীৰ বাবে পাইলটে ৰানৱে দেখা পোৱাত ব্যৰ্থ হয়। কেপ্টেইন কাপুৰে প্ৰথমটো অৱতৰণৰ চেষ্টা বিফল হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে চেষ্টা চলাইছিল যদিও দুৰ্ভাগ্যজনকভাৱে বিমানখন নিয়ন্ত্ৰণহীন হৈ খহি পৰে। প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বিমানখন কাৰিকৰীভাৱে ১০০ শতাংশ ফিট আছিল বুলি দাবী কৰা হৈছে। বৰ্তমান ডি জি চি এ-ই এই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত অব্যাহত ৰাখিছে।









