নিউজ ডেস্কঃ প্ৰেমিকৰ বিয়াৰ প্ৰতিশোধ ল’বলৈ গৈ এগৰাকী চিকিৎসকলৈ এইচআইভি সংক্ৰমিত তেজৰ বেজী দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অন্ধ্ৰ প্ৰদেশৰ কুৰ্নুল চহৰত সংঘটিত হোৱা এই জঘন্য কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলা, এগৰাকী নাৰ্ছ আৰু তেওঁৰ দুই সন্তানসহ মুঠ চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত মূল অভিযুক্তগৰাকীক বি বয়ো বসুন্ধৰা (৩৪) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ ভাষ্য অনুসৰি, বসুন্ধৰাৰ প্ৰাক্তন প্ৰেমিকে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাটো তেওঁ সহজভাৱে ল’ব পৰা নাছিল। সেইবাবে দম্পতীটোক পৃথক কৰাৰ উদ্দেশ্যে বসুন্ধৰাই এদনীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ নাৰ্ছ জ্যোতি আৰু তেওঁৰ দুই সন্তানৰ সৈতে এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰে। অভিযুক্তসকলে গৱেষণাৰ নামত চৰকাৰী চিকিৎসালয়ৰ পৰা এজন এইচআইভি আক্ৰান্ত ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি ফ্ৰীজত জমা কৰি ৰাখিছিল।
যোৱা ৯ জানুৱাৰীত কুৰ্নুলৰ এখন মেডিকেল কলেজৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত ভুক্তভোগী চিকিৎসাগৰাকীয়ে ডিউটি শেষ কৰি স্কুটীৰে ঘৰলৈ উভতি থকাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। বিনায়ক ঘাটৰ সমীপত মটৰ চাইকেলেৰে অহা দুজন লোকে উদ্দেশ্যপ্ৰণোদিতভাৱে চিকিৎসকগৰাকীৰ স্কুটীখনত খুন্দা মাৰে আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈ মাটিত বাগৰি পৰে।
চিকিৎসকগৰাকীয়ে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰাৰ সময়তে সহায় কৰাৰ চলেৰে বসুন্ধৰাই তেওঁৰ শৰীৰত এইচআইভি ভাইৰাছযুক্ত তেজৰ বেজীটো প্ৰয়োগ কৰে। ভুক্তভোগীয়ে প্ৰতিবাদ কৰাত অভিযুক্তসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চিকিৎসাগৰাকীৰ স্বামীয়ে ১০ জানুৱাৰীত কুৰ্নুল থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ২৪ জানুৱাৰীত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে।









