কামেং নদীত অস্বাভাৱিক মৃত্যু হাজাৰ হাজাৰ মাছৰ, বােকাময় পানীক লৈ আতংক

নিউজ ডেস্ক। এক উদ্বেগজনক ঘটনা। অৰুণাচল প্ৰদেশৰ কামেং নদীৰ পানী হঠাতে হৈ পৰিল বােকাময়। যাৰ ফলত নদীত হাজাৰ হাজাৰ মাছৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে।

খবৰ অনুসৰি, যেতিয়াই স্থানীয় প্ৰশাসনে এই বিষয়ে জানিব পাৰে, লগে লগেই তেওঁলোকে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে যায়।

প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে নদীৰ পানী বা মাছ সেৱন নকৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনায়।

স্থানীয় প্ৰশাসনে বিষয়টো পৰ্যবেক্ষণৰ বাবে বিশেষজ্ঞৰ এটা দল গঠন কৰি দিয়ে।

জিলা মীন পালন বিষয়া হালি তাজোৱে কয় যে, জিলা সদৰ চেপ্পাত হাজাৰ হাজাৰ মাছ মৃত অৱস্থাত পোৱা গৈছে।

প্ৰাথমিক অনুসন্ধানত পোৱা গৈছে যে নদীৰ পানীৰ টিডিএছ বৃদ্ধি পাইছে। ইয়াৰ ফলত নদীৰ পানীৰ ৰঙো ক’লা হৈ পৰে।

তেওঁ কয় যে টিডিএছ বৃদ্ধিৰ ফলত জলজ প্ৰজাতিৰ বাবে পানীৰ দৃশ্যমানতা হ্ৰাস পায় আৰু সেয়েহে তেওঁলোকৰ উশাহ-নিশাহত সমস্যা হ’ব পাৰে। যাৰ ফলত মাছৰ মৃত্যু হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, নদীখনৰ টিডিএছ প্ৰতি লিটাৰত ৬৮০০ মিলিগ্ৰাম আছিল। যি প্ৰতি লিটাৰত স্বাভাৱিক সীমাতকৈ যথেষ্ট বেছি।

উল্লেখ্য যে, ২০১৭ চনৰ নৱেম্বৰত পূব চিয়াং জিলাৰ পাছিঘাটত চিয়াং নদীৰ পানীও ক’লা হৈ পৰিছিল। সেয়েহে বৰ্তমান কামেং নদীৰ পানী ক’লা হোৱাৰ ঘটনাক চীনৰ ষড়যন্ত্ৰ বুলি সন্দেহ কৰিছে স্থানীয় লোকে।

এইটো অভিযোগ কৰা হৈছে যে নদীৰ কাষৰীয়া অঞ্চলসমূহত চীনৰ নিৰ্মাণ কাৰ্যকলাপ তীব্ৰতৰ হৈছে।

ইয়াৰ ফলত পানীত টিডিএছ বৃদ্ধি হৈছে।

কংগ্ৰেছৰ এজন প্ৰাক্তন সাংসদেও এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল। তেওঁ কৈছিল যে চীনে ১০,০০০ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণ কৰাৰ ফলত নদীৰ পানীৰ বৰণ ক’লা হৈছে। অৱশ্যে চীনে এই অভিযোগ অস্বীকাৰ কৰিছিল।

Leave a Comment