চিকিৎসাৰ অভাৱত যন্ত্ৰণাকাতৰ মৃত্যুক সাৱটিছিল মাতৃয়ে! আজি তাছিয়ে ভৰি দিছে চিকিৎসক হোৱাৰ সপোন বাটত

নিউজ ডেস্কঃ সুদূৰ দুৰ্গম এখন গাঁৱৰ প্ৰতিকূলতা নেওচি কিদৰে আগবাঢ়িব পাৰি সপোনৰ বাটত, তাৰেই যেন এক উজ্বল নিদৰ্শন দাঙি ধৰিলে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ৰামিয়াং গাঁৱৰ তাছি য়াংকেয়ে।

অতি দৰিদ্ৰ খেতিয়ক পৰিয়ালত জন্মগ্ৰহণ কৰা তাছিৰ শৈশৱ-কৈশোৰ পাৰ হৈছিল কঠোৰ প্ৰত্যাহ্বানৰ মাজত। দুৰ্গম সেই অঞ্চলটোত চিকিৎসাৰ অভাৱত চকুৰ সন্মুখতে অকালতে হেৰুৱাবলগীয়া হৈছিল মাতৃক। আৰু তাৰ পিছতে যেন এটা সপোনে ঘৰ সাজিছিল তাছিৰ মনত।

মাতৃৰ দৰে আন কোনেও যাতে চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাৱটি নলয়, তাৰ বাবে নিজে চিকিৎসক হোৱাৰ সংকল্প লৈছিল তাছিয়ে।

২০১৭ চনত জেএনভিএছটি পৰীক্ষাৰ জৰিয়তে টাৱাঙৰ জৱাহৰ নৱোদয় বিদ্যালয়লৈ নিৰ্বাচিত হোৱাৰ পিছত তাছিৰ জীৱনে নতুন ৰূপ লৈছিল। তাছিৰ শিক্ষকৰ সহায়ত তেওঁ শৈক্ষিক দিশত পাৰদৰ্শিতা দেখুৱাইছিল, আৰু অৱশেষত টাৱাং জিলাত দ্বাদশ শ্ৰেণীত দ্বিতীয় স্থান লাভ কৰিছিল।

ইয়াৰ পিছতে অশেষ পৰিশ্ৰম আৰু এক দৃঢ় সংকল্পৰে ২০২৫ চনত NEET পৰীক্ষাত নিজৰ শাখাত ৰাজ্যিক পৰ্যায়ত ১৯ সংখ্যক স্থান লাভ কৰি চিকিৎসক হোৱাৰ সপোন পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয় তাছিয়ে।

তাছিৰ লক্ষ্য এতিয়া এম বি বি এছ ডিগ্ৰী লাভ কৰি স্বাস্থ্যসেৱাৰ উন্নতিৰ বাবে নিজৰ গাঁৱলৈ উভতি অহা। তেওঁৰ যাত্ৰা কেৱল নিজৰ জীৱনৰ বাবেই নহয়, শিক্ষা আৰু অধ্যৱসায়ে কেনেকৈ এখন সমাজক ৰূপান্তৰিত কৰিব পাৰে, তাৰো এক অনন্য নজিৰ হৈ পৰিছে অৰুণাচল প্ৰদেশৰ তাছি য়াংকেয়।

Leave a Comment