নিউজ ডেস্কঃ ৰে’লৱে ষ্টেচনত প্ৰসৱ বেদনাত চটবটাই থকা এগৰাকী মহিলাক কোনো চিকিৎসা সঁজুলি অবিহনেই তৎকালীন চিকিৎসা সেৱা আগবঢ়াই দেশজুৰি প্ৰশংসিত হৈ পৰিছে ভাৰতীয় সেনাৰ এগৰাকী চিকিৎসক। ছুটিত ঘৰলৈ গৈ থকাৰ সময়তে প্ৰসূতী মহিলাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি অহা দেৱদূতৰূপী মেজৰ ৰোহিত বচৱালক তেওঁৰ এই কাৰ্য্যৰ স্বীকৃতি প্ৰদান কৰিছে সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও।
৫ জুলাইত ছুটীৰ বাবে নিজৰ গৃহ চহৰ হায়দৰাবাদলৈ উভতি যোৱাৰ পথত ৰে’লৱে ষ্টেচনত মহিলাগৰাকীৰ প্ৰসৱ কৰোৱায় সেনাৰ চিকিৎসক মেজৰ ৰোহিত বচৱালে।

জানিব পৰা মতে, মেজৰ ৰোহিতে ঝান্সী ষ্টেচনৰ লিফ্টৰ সমীপত প্ৰসৱ বেদনাত চটবটাই থকা এগৰাকী মহিলাক প্ৰত্যক্ষ কৰে। হুইল চেয়াৰৰ পৰা বাগৰি পৰাৰ ফলত প্ৰসৱ যন্ত্ৰনাত ভুগিছিল সেই প্ৰসূতী মহিলাগৰাকী।

ইয়াৰ পিছতে মেজৰ ৰোহিতে কোনো চিকিৎসা সঁজুলি নোহোৱাকৈয়ে মহিলাগৰাকীৰ প্ৰসৱ কৰোৱায়। ঠিক প্লেটফৰ্মতে তেওঁ জৰুৰীকালীন ডেলিভাৰীৰ ব্যৱস্থা কৰে।
জন্মৰ পিছত কিছু সময়ৰ বাবে নৱজাতকটো নিথৰ হৈ আছিল যদিও সেনা বিষয়াগৰাকীৰ তৎপৰাতত এতিয়া মাতৃ-পুত্ৰ দুয়োজনেই সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।

নিজৰ চিকিৎসা দক্ষতা আৰু মহানুভৱতাৰে মেজৰ ৰোহিত বচৱালে সম্ভৱ কৰি তোলা এই কাৰ্যই এতিয়া দেশজুৰি প্ৰশংসা লাভ কৰিছে। একে সময়তে ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও সেনা বিষয়াগৰাকীৰ এই ব্যতিক্ৰমী কাৰ্যৰ স্বীকৃতি প্ৰদান কৰিছে।









