নিউজ ডেস্কঃ সংগীতপ্ৰেমীৰ বাবে এক দুঃখবৰ।
গায়ক তথা অধিবক্তা ঋষিৰাজ শৰ্মাৰ বিয়োগ।
বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা ঋষিৰাজ শৰ্মাক হাস্পতাললৈ নিয়াৰ পথতে ঘটে মৃত্যু।
উল্লেখ্য যে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাগিন আছিল ঋষিৰাজ শৰ্মা।
কালজয়ী কণ্ঠশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুযোগ্য পুত্ৰ ঋষিৰাজ শৰ্মাইও পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল।
গায়ক তথা গীতিকাৰগৰাকীৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিছে তেওঁৰ গুণমুগ্ধক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শোক প্ৰকাশ কৰিছে ঋষিৰাজ শৰ্মাৰ বিয়োগত।









