নিউজ ডেস্কঃ বৰযাত্ৰী হৈ কইনাৰ সৈতে ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি ল’লে ৩ যুৱকে।
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বকোৰ শিংৰাত।
নগৰবেৰাৰৰ পৰা বকোৰ ৰায়পাৰা মেধীপাৰালৈ বিবাহ সম্পন্ন কৰিবলৈ গৈছিল।
বিবাহ শেষ কৰি ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় বৰযাত্ৰীৰ এখন এল্ট’ বাহন।
এই ভয়ংকৰ দুৰ্ঘটনাত নিহত যুৱক তিনিজনক ৰূপেশ চৌধুৰী (৪৩), ভাস্কৰ ঠাকুৰীয়া (৩১) আৰু মানস পাঠক (৩১) বুলি চিনাক্ত কৰা হৈছে।
নিহত তিনিওজন নগৰবেৰাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, তেওঁলোকে বৰযাত্ৰী হৈ যাত্ৰা কৰা এল্ট’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰি বিধ্বস্ত হৈ পৰে।
এই দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।