অসমীয়াঅসম

অৱশেষত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বৰ্ষাশ্ৰী! গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিলে ৰায়…

নিউজ ডেস্কঃ অৱশেষত দোষমুক্ত হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে বৰ্ষাশ্ৰীক।

সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক।

image 29

২০২২ চনৰ ১৮ মে’ত UAPA গোচৰৰ অধীনত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মেধাৱী ছাত্ৰীগৰাকীক।

তাৰ পিছত প্ৰায় দুমাহ কাৰাবন্দী হৈ আছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই।

292468295 851051969616153 5610850799867387589 n

আনকি কাৰাগাৰৰ পৰাই পৰীক্ষাতো অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকীয়ে।

ইফালে ৬৫ দিন গোলাঘাট জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিনত মুকলি কৰি দিয়া হৈছিল মেধাৱী ছাত্ৰীগৰাকীক।

জামিন লাভৰ পিছতে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই ল’ব বুলি আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিলেও পৰৱৰ্তী সময়মত দাখিল কৰিছিল চাৰ্জশ্বিট।

335929316 213585934675810 8698310474398797636 n

কিন্তু অৱশেষত সত্ৰ ন্যায়াধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে বৰ্ষাশ্ৰীক।

দোষমুক্ত হোৱাৰ পিছতে চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে বৰ্ষাশ্ৰীয়ে।

335996153 999558864782565 1200291102704060756 n

চৰকাৰে আক্ৰোশমূলক ভাৱে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছিল বুলি মন্তব্য কৰে ছাত্ৰীগৰাকীয়ে।

লগতে চাওকঃ শোকাৱহ! বজাৰলৈ যোৱাৰ সময়তে বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে দ্বীপজ্যোতি আৰু জিন্তুই…

One thought on “অৱশেষত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বৰ্ষাশ্ৰী! গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিলে ৰায়…”

Comments are closed.