অসহনীয়! এমহীয়া পুত্ৰৰ মৃত্যুত ভাগি পৰা মাতৃৰ ভয়ংকৰ সিদ্ধান্ত, দুদিন পিছত কুঁৱাৰ ভিতৰত উদ্ধাৰ জ্যেষ্ঠ পুত্ৰসহ মাতৃৰ মৃতদেহ…

নিউজ ডেস্কঃ কণমানি সদ্যোজাত পুত্ৰৰ মৃত্যুৰ দুদিন পিছতে ঘৰৰ কাষৰ এটা কুঁৱাত উদ্ধাৰ হ’ল এগৰাকী মাতৃ আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ মৃতদেহ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কেৰালাৰ ইডুক্কি জিলাৰ উপ্পুথাৰাত।

বৃহস্পতিবাৰে পুৱা নিজৰ ঘৰৰ চৌহদৰ এটা কুঁৱাৰ ভিতৰত উদ্ধাৰ হয় মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ।

নিহত মাতৃ-পুত্ৰহালক কাইথাপথালৰ নিৱাসী লিজা (৩৮) আৰু তেওঁৰ সাত বছৰীয়া পুত্ৰ বেন টম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মাত্ৰ দুদিন পূৰ্বে মহিলাগৰাকীৰ এমহীয়া পুত্ৰৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটিছিল।

কণমানি পুত্ৰৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰা মহিলাগৰাকীয়ে জ্যেষ্ঠ সন্তানক লগত লৈ পুৱা কুঁৱাত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

ইফালে জানিব পৰা মতে, এবছৰ পূৰ্বেও লিজাৰ আন এজন পুত্ৰৰ আকস্মিকভাৱে মৃত্যু ঘটিছিল।

পৰিয়ালৰ বাকীসকল সদস্য গীৰ্জালৈ যোৱাৰ সময়তে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে মহিলাগৰাকীয়ে।

পিছত পৰিয়ালৰ লোক ঘৰলৈ উভতি আহি মহিলাগৰাকী আৰু বেনক বিচাৰি নাপাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা মাতৃ-পুত্ৰৰ মৃতদেহ।

এই ঘটনাই শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।