ৰাষ্ট্ৰীয়

৩ আগষ্টত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ, ৭৬ দিন পিছত উদ্ধাৰ পাইলটৰ মৃতদেহ…

জম্মু-কাশ্মীৰৰ ৰঞ্জিত সাগৰ বান্ধত ৩ আগষ্টত দুৰ্ঘটনাগ্ৰস্ত হোৱা বায়ু সেনাৰ হেলিকপ্টাৰৰ দ্বিতীয়গৰাকী পাইলট কেপ্টেইন জয়ন্ত যোশীৰ মৃতদেহ উদ্ধাৰ।

সেনাই প্ৰায় ৭৬ দিন ধৰি অভিযান চলাই পাইলটজনৰ মৃতদেহ উদ্ধাৰ কৰে।

দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাত প্ৰায় উৱলি যোৱা অৱস্থাত মৃতদেহটো বিচাৰি পায় বুলি জানিব পৰা গৈছে।।

পাইলটগৰাকীৰ মৃতদেহ বান্ধৰ পৰা উদ্ধাৰ কৰাৰ পিছত তেওঁৰ নশ্বৰ দেহ পাঠানকোট সেনা চিকিৎসালয়ত ৰখা হৈছে।

বাতৰি অনুসৰি, পাইলটজনৰ মৃতদেহ সোনকালেই পৰিয়ালটোক হস্তান্তৰ কৰা হ’ব।

উল্লেখ্য যে, সেনাৰ হেলিকপ্টাৰখন ৩ আগষ্টৰ ৰাতিপুৱা ৰঞ্জিত সাগৰ বান্ধত দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ দুয়োজন পাইলট তেতিয়া নিৰুদ্দেশ হৈছিল।

হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত ১৫ আগষ্টত লেফটেনেণ্ট কৰ্নেল এ এছ বাথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও দ্বিতীয়গৰাকী পাইলট কেপ্টেইন জয়ন্ত যোশীৰ সন্ধান পোৱা হোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *