ৰাষ্ট্ৰীয়

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ…

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ।

হাৰিয়ানাৰ হাঞ্চিত হিচাৰ আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰিছে।

অনুসূচিত জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক।

হাঞ্চি সদৰ থানাত যুৱৰাজ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ মতে, যুৱৰাজ সিঙে বিগত বৰ্ষত ৰোহিত শৰ্মাৰ সৈতে এক অনলাইন বাৰ্তালাপত য়ুবেন্দ্ৰ চাহলক লৈ অনুসূচিত জাতিৰ প্ৰতি অপমান সূচক মন্তব্য কৰিছিল।

হিচাৰ আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই সম্পৰ্কে সোধা-পোছা কৰে।

ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যুৱৰাজ সিঙক জামিন প্ৰদান কৰি মুকলি কৰি দিয়া হয়।

এই ঘটনা সম্পৰ্কে কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে যুৱৰাজ সিঙক অগ্ৰিম জামিন প্ৰদান কৰিছিল।

শনিবাৰেই যুৱৰাজ সিঙক আৰক্ষীয়ে নিয়মমাফিক গ্ৰেপ্তাৰ কৰিছিল আৰু তিনি ঘণ্টা পাছতে মুকলি কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *