নিউজ ডেস্ক। ছত্তীশগড়ৰ ৰায়পুৰ ৰেল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) ৰ জোৱানৰ এখন ৰে’লত সংঘটিত হয় এই বিস্ফোৰণ।

শনিবাৰে পুৱা সংঘটিত হোৱা এই বিস্ফোৰণত আহত হয় ৬ জন চিআৰপিএফ জোৱান।
জানিব পৰা মতে, চিআৰপিএফৰ ২১১ বেটেলিয়নৰ জোৱানসকলে এখন বিশেষ ৰেলযোগে জম্মুলৈ যাত্ৰাৰ বাবে প্ৰস্তুতি চলাইছিল।

সেই সময়তে বিস্ফােৰণৰ বাবে ব্যৱহাৰ কৰা ইগ্নাইটাৰৰ এটা বাকচ ৰে’লৰ বগীত ৰখাৰ লগে লগে বিস্ফোৰণ হয়।
বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন চিআৰপিএফ কনিষ্টবলক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে চিআৰপিএফৰ শীৰ্ষ বিষয়াসকল চিকিৎসালয়ত উপস্থিত হৈ আহতসকলকৰ স্বাস্থ্যৰ বুজ লােৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
লগত চাওকঃ

গৰুক গা ধুৱাবলৈ নদীত নমাত উদ্ধাৰ হ’ল নম্বৰ বিহীন বুলেট বাইক!










