আন্তঃৰাষ্ট্ৰীয়

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে চীনৰ সৈতে ভূটানৰ চুক্তি স্বাক্ষৰ…

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে চীনৰ সৈতে ভূটানৰ চুক্তি স্বাক্ষৰ।

চীনৰ সৈতে দীৰ্ঘদিনৰ পৰা চলি থকা সীমা সমস্যা সমাধান কৰাৰ কাৰণে এক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশে।

ভূটান চৰকাৰৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তি অনুসৰি, এই তিনিস্তৰীয় পৰিকল্পনাৰ সুপ্ৰয়োগৰ দ্বাৰা দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধান ওলাব বুলি আশা কৰা হৈছে।

সীমা সমস্যা নিষ্পত্তি কৰাৰ বাবে ভূটান চৰকাৰে চীন চৰকাৰৰ লগত তিনিস্তৰীয় পৰিকল্পনা গ্ৰহণ কৰিছে বুলি ভূটান চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

ভাৰত চৰকাৰে দুয়োখন দেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে হোৱা চুক্তিক পৰ্যবেক্ষণ কৰাৰ লগতে যোগাত্মক ধৰণে গ্ৰহণ কৰিছে বুলি সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *