গৰুক গা ধুৱাবলৈ নদীত নমাত উদ্ধাৰ হ’ল নম্বৰ বিহীন বুলেট বাইক!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। গৰুক গা ধুৱাবলৈ নদীত নমা যুৱকে নদীত পালে এখন বুলেট বাইক।

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সুতাৰ পাৰাত সংঘটিত হ’ল এই ঘটনা।

দুগৰাকী লোকে গৰুক গা ধুৱাবলৈ নামিছিল সুতাৰ পাৰা ফুল নৈ চৰ নদীৰ পানীত। তেনে সময়তে এগৰাকী লোকৰ ভৰিত লোহাজাতীয় সামগ্ৰীয়ে খুন্দা মাৰে।

লগে লগে উক্ত লোকগৰাকীয়ে পানীত ডুব মাৰি সেইটো এটা মটৰ চাইকেল বুলি জানিব পাৰি চিঞৰ-বাখৰ আৰম্ভ কৰে।

লগে লগে দুজন সহযোগীৰ সৈতে মিলি মটৰ চাইকেলখন পানীৰ তলৰ পৰা পাৰলৈ লৈ আহে।

ঘটনাৰ মুহূৰ্ততে খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীলৈ ৰাইজৰ সোঁত বয়।

নম্বৰ প্লেট বিহীন বুলেট মটৰ চাইকেল উদ্ধাৰৰ পিছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উক্ত ঘটনা সন্দৰ্ভত মাটিয়া আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীৰ তদন্ততহে পোহৰৈ আহিব ক’ৰ পৰা কেনেকৈ মটৰ চাইকেল আহি পানীত পৰিল।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

Leave a Comment