মানৱতা! এগৰাকী মুছলমান অধ্যাপিকাৰ মংগল কামনা কৰি হুইল চেয়াৰত বহি ৩০০ কিলোমিটাৰৰ দীঘলা যাত্ৰা বিশেষভাৱে সক্ষম কান্নানৰ…

নিউজ ডেস্কঃ প্ৰেম মানুহৰ প্ৰকৃত ধৰ্ম।

একাংশই ঘৃণাৰ বিহ চটিয়াই মানুহৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিলেও আজিও জীয়াই আছে মানৱতা।

কেৰালাৰ নিৱাসী কান্নান নামৰ বিশেষভাৱে সক্ষম যুৱকজনেও মানৱতাক জীয়াই ৰখাৰ স্বাৰ্থত এগৰাকী মুছলমান অধ্যাপিকাৰ মংগল কামনা কৰি ৩০০ কিলোমিটাৰ নিলগৰ বিখ্যাত সবৰীমালা মন্দিৰলৈ হুইল চেয়াৰত আৰম্ভ কৰিছে যাত্ৰা।

নিজৰ দুৰ্দিনত সহায়ৰ হাত হৈ থিয় দিয়া অধ্যাপিকা শমিৰাৰ মংগল কমনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ বাবেই এই যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কান্নানে।

জানিব পৰা মতে, ২০১৩ চনৰ ৩ ডিচেম্বৰত এক দুৰ্ঘটনা সংঘটিত হৈছিল কেৰালাৰ মল্লাপুৰম জিলাৰ নিৱাসী কান্নানৰ সৈতে।

সেই সময়ত শ্ৰমিক হিচাপে কৰ্মৰত কান্নানে ট্ৰাকৰ পৰা কাঠৰ কুণ্ডা নমাই থকাৰ সময়তে গাৰ ওপৰত প্ৰকাণ্ড কাঠৰ টুকুৰা পৰি চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল এখন ভৰি।

তাৰ পিছতে অন্ধকাৰ হৈ পৰিছিল কান্নানৰ ভৱিষ্যত। পত্নী, কন্যা আৰু মাতৃৰ পোহপালৰ ক্ষেত্ৰতো তীব্ৰ প্ৰত্যাহ্বান নামি আহিছিল।

সেই সময়তে কান্নানৰ ওচৰত সহায় হৈ থিয় দিছিল কণ্ডোটিৰ চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা শমিৰা। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়কো আছিল তেওঁ।

মুছলমান অধ্যাপিকাগৰাকীৰ সহায়তে অৱশেষত এটা নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল কান্নানে। পকী হৈছিল তেওঁৰ ঘৰটো। আৰ্থিক বাধা দূৰ কৰি কন্যাক উপযুক্ত শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল তেওঁ।

বৰ্তমান কান্নানৰ পত্নীয়ে এখন হোটেলৰ চাফাই কৰ্মী হিচাপে কৰ্মৰত হৈ থকাৰ লগতে কান্নানেও লটাৰী টিকট বিক্ৰী কৰি এটা স্বচ্ছল জীৱন কটাই আছে। তেওঁলোকৰ কন্যা এতিয়া পেৰামেডিকেলৰ ছাত্ৰী।

কিন্তু কান্নানে যাৰ বাবে এটা নতুন জীৱন লাভ কৰিলে, সেই মুছলমান অধ্যাপিকাগৰাকীৰ কথা কেতিয়াও পাহৰা নাই। যাৰ বাবে শমিৰাৰ মংগল কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ হুইল চেয়াৰত বহি সবৰীমালা দৰ্শনৰ সিদ্ধান্ত লৈছে কান্নানে।