শোকাবহ! ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ভেড়া চৰাই থাকোতেই তীব্ৰবেগী বাছৰ খুন্দাত মৃত্যু ভেড়াপালকৰ লগতে ৫৬টা ভেড়াৰ…

নিউজ ডেস্কঃ পুৱতি নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ভেড়া চৰাই থকা সময়তে দ্ৰুতবেগী বাছে মহটিয়াই লৈ গ’ল ভেড়াসহ ভেড়াপালকক।

বুধবাৰে পুৱতি নিশা তামিলনাডুৰ কুড্ডালোৰ জিলাৰ ভেপ্পুৰৰ সমীপত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত ভেড়া পালকৰ লগতে ৫৬টা ভেড়া ছাগলীৰ মৃত্যু ঘটে।

জানিব পৰা মতে, শিৱগংগা জিলাৰ লক্ষ্মানন নামৰ ভেড়া পালকগৰাকীয়ে তেওঁৰ ফাৰ্মৰ দুই শতাধিক ভেড়াক কুড্ডালোৰ জিলাৰ ভেইপুৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চৰাই আছিল।

সেই সময়তে এখন চৰকাৰী বাছে দ্ৰুতবেগত আহি ভেড়াপালকগৰাকীৰ লগতে শতাধিক ভেড়া ছাগলীক মহটিয়াই নিয়ে।

বাছৰ চেপাত ভেড়াপালক লক্ষ্মাণনৰ থিতাতে মৃত্যু ঘটে। তদুপৰি ৫৬টা ভেড়াৰো থিতাতে মৃত্যু ঘটে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।