সম্ভ্ৰান্ত গৰু চোৰ! বিলাসী বাহনত গৰু চুৰি কৰা ২ চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ…

নিউজ ডেস্কঃ বিলাসী বাহন লৈ গৰু চুৰি কৰা দুটা গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

তেজপুৰৰ কলিয়াভোমোৰা সেঁতুত আৰক্ষীয়ে অভিযান চলাই বিলাসী বাহনৰ পৰা চুৰি গৰুসহ গ্ৰেপ্তাৰ কৰে চোৰ দুটাক।

ধৃত চোৰ দুটা নগাঁৱৰ আছিবুল হুছেইন আৰু মজিদুল হক বুলি জানিব পৰা গৈছে।

image 170
সম্ভ্ৰান্ত গৰু চোৰ! বিলাসী বাহনত গৰু চুৰি কৰা ২ চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ… 3

দুয়োটা চোৰে এএছ ০৪এন ৯০২৯ নম্বৰৰ মহিন্দ্ৰা XUV500ৰে সংঘটিত কৰিছিল চুৰিকাণ্ড।

আৰক্ষীয়ে অভিযান কালত বাহনখনৰ পৰা ৪টা চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

image 171
সম্ভ্ৰান্ত গৰু চোৰ! বিলাসী বাহনত গৰু চুৰি কৰা ২ চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ… 4

ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰি দুয়োটা চোৰক জেৰা অব্যাহত ৰাখিছে।