মৰ্মান্তিক! মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে এহাল দম্পতীক, পত্নীৰ মৃত্যুৰ ২০ মিনিট পিছতে প্ৰাণ ত্যাগ স্বামীৰো…

নিউজ ডেস্কঃ মৃত্যুৱেও যেন পৃথক কৰিব নোৱাৰিলে এহাল দম্পতীক!

প্ৰায় চাৰি দশকীয় যুগ্ম জীৱনৰ পিছত মৃত্যুৰ বাটেৰেও একেলগে গুচি গ’ল পতি-পত্নী দুয়োজন।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ডবৰাত।

জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত নিজ বাসভৱনতে আকস্মিকভাৱে মৃত্যু ঘটে ডবৰা কৃষি উপজ মণ্ডীৰ প্ৰাক্তন সদস্য ৰমেশ চন্দ্ৰ খাটিকৰৰ পত্নী চতুৰো বাই খাটিকৰৰ।

সম্পূৰ্ণ সুস্থ ৬৬ বৰ্ষীয় মহিলাগৰাকীৰ এনে আকস্মিক মৃত্যুৱে যেন বিচলিত কৰি তোলে স্বামী ৰমেশ চন্দ্ৰকো।

যাৰ বাবে পত্নীৰ মৃত্যুৰ প্ৰায় ২০ মিনিট পাছতে পত্নীৰ মৃতদেহৰ কাষতে হঠাৎ ঢলি পৰি প্ৰাণ ত্যাগ কৰে ৰমেশ চন্দ্ৰ খাটিকৰেও।

ৰমেশ চন্দ্ৰ আৰু চতুৰোৰ পুত্ৰ ৰাকেশে জানিবলৈ দিয়া মতে, তেওঁলোকৰ পিতৃ-মাতৃ দুয়োজনেই স্বাস্থ্যবান আৰু সম্পূৰ্ণ সুস্থ আছিল।

কিন্তু মাতৃৰ আকস্মিক বিয়োগৰ পিছতে ভাগি পৰে পিতৃও। যাৰ ফলত মাত্ৰ ২০ মিনিট পিছতে প্ৰাণত্যাগ কৰে পিতৃয়েও।

দম্পতীহালৰ এনে আকস্মিক মৃত্যুৱে শোকবিহ্বল কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

৪ দশক ধৰি একেলগে সুখ দুখৰ সমভাগী হৈ জীৱন পাৰ কৰা দম্পতীহালে মৃত্যুৰ পিছতো নেদেখা পৃথিৱীত একলগ হোৱাৰ মানসেৰে এনেদেৰে একেলগে জীৱন ত্যাগ কৰা বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে।