মৰ্মান্তিক! কন্যাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা বিএছএফ জোৱানক…

নিউজ ডেস্কঃ কন্যাৰ অশ্লীল ভিডিঅ’ বনাই ইণ্টাৰনেটত ভাইৰেল কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰা হ’ল এগৰাকী বিএছএফ জোৱানক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুজৰাটৰ খেদা জিলাৰ নদিয়াদত।

ইতিমধ্যে আৰক্ষীয়ে ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে বিএছএফ জোৱান মেলজি ভাই বাঘেলাৰ কন্যাৰ এজন সহপাঠীয়ে গোপনে কন্যাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড কৰি সেয়া ইণ্টাৰনেটত ভাইৰেল কৰিছিল।

সেই ভিডিঅ’টোত কন্যাৰ সৈতে দেখা গৈছিল ১৫ বছৰীয়া অভিযুক্ত কিশোৰজনকো।

ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল কৰাৰ পিছতে বিএছএফ জোৱানগৰাকীয়ে যোৱা ২৪ ডিচেম্বৰত পত্নী, দুই পুত্ৰ আৰু ভতিজাকক লগত লৈ অভিযুক্ত কিশোৰজনৰ ঘৰলৈ যায়।

কিন্তু তাত অভিযুক্ত কিশোৰ আৰু তাৰ পৰিয়ালে জোৱানজনক অশ্লীল গালি-গালাজ কৰাৰ লগতে লাঠি আৰু লোহাৰ ৰ’ডেৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে মেলজি ভাই বাঘেলাৰ।

ইফালে ই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মেলজি ভাইৰ এজন পুত্ৰও।

বিএছএফ জোৱানৰ পত্নীয়ে এই বিষয়ত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

জোৱানজনক এনেদৰে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ গুজৰাটতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।