নিউজ ডেস্কঃ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা।
এইবাৰ বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা।
‘ভুল সত্য’ নামৰ গল্প সংকলনৰ বাবে এই বঁটা লাভ মনোজ গোস্বামীৰ।
১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী এগৰাকী সুগল্পকাৰৰ লগতে সাংবাদিক হিচাপেও সুপৰিচিত।
ঈশ্বৰহীনতা, স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে, প্ৰেমহীনতা, এলুমিনিয়ামৰ আঙুলি আদি তেওঁৰ অন্যতম চুটি গল্প সংকলন।
তেওঁ সৃজনীমূলক সাহিত্যৰ বাবে ১৯৯৪ চনত ‘কথা’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
১৯৯৬ চনত সাহিত্যকৃতিৰ বাবে ‘সংস্কৃতি’ বঁটা লাভ কৰিছিল মনোজ কুমাৰ গোস্বামীয়ে।









