মহানগৰীৰ বৃদ্ধি পোৱা অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ! ক’লে…

নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বিগত এমাহত গুৱাহাটীত চুৰি, ডকাইতি, বাইক চুৰিৰ ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

গুৱাহাটীৰ আইন-শৃংখলা এতিয়া সঁচাকৈয়ে উদ্বেগৰ বিষয় হৈ পৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

কিন্তু পূৰ্বেও অসম আৰক্ষীয়ে এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে এইবাৰো আৰক্ষীয়ে অপৰাধ ৰোধ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে, বিগত কিছু দিনত মহানগৰীত সংঘটিত হৈছে কেইবাটাও অপৰাধৰ ঘটনা।

হাতত বন্দুক লৈ সন্ত্ৰাস চলোৱাৰ পৰা মহিলা-যুৱতীৰ ডিঙিৰ চেইন কাঢ়ি নিয়ালৈকে এনেধৰণৰ ঘটনাই এতিয়া ভীতিগ্ৰস্ত কৰি ৰাখিছে মহানগৰবাসীক।

ইয়াৰ পূৰ্বে মহানগৰ আৰক্ষীৰ নৱ নিযুক্ত আয়ুক্ত দিগন্ত বৰাইও এনে অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী তৎপৰ হোৱা বুলি জানিবলৈ দিছিল।