আজৱ ঘটনা! ৪ খন ভৰি লৈ জন্মগ্ৰহণ এটি কন্যা শিশুৰ, কি কয় চিকিৎসকে…

নিউজ ডেস্কঃ এহাজাৰৰ মাজত জন্ম হয় এনে এটি শিশুৰ, যি সাধাৰণ শিশুতকৈ কিছু ব্যতিক্ৰম হয়।

কোনো শিশুৰ যদি দুটা মূৰ লৈ জন্মগ্ৰহণ কৰে, আন কোনো শিশুৱে আকৌ জন্মগ্ৰহণ কৰে চাৰিখন হাত লৈ।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এখন হাস্পতালত তেনে এটি শিশুৰ জন্মই এতিয়া স্তম্ভিত কৰিছে শিশুটিৰ পিতৃ-মাতৃৰ লগতে চিকিৎসককো।

চাৰি খন ভৰি লৈ জন্মগ্ৰহণ কৰা কন্যা শিশুটিক এতিয়া অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ কৰি তোলাৰ কামত লাগি পৰিছে বিশেষজ্ঞ চিকিৎসক।

গোৱালিয়ৰৰ কমলা ৰাজা মহিলা আৰু শিশু ৰোগ বিভাগত আৰতি কুশ্বৱাহা নামৰ এগৰাৰী মহিলাই জন্ম দিয়ে এই শিশুটি।

বৰ্তমান চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে নৱজাতক কন্যা শিশুটিক।

চিকিৎসকে প্ৰকাশ কৰা মতে, গৰ্ভত য্মজ ভ্ৰুণ বিকশিত হোৱাৰ সময়ত হোৱা বিসংগতিৰ বাবেই শিশুটিৱে দুখন অতিৰিক্ত ভৰি লৈ জন্মগ্ৰহণ কৰে।

চিকিৎসকে এই ঘটনা বিৰল বুলি অভিহিত কৰি কয় যে এহাজাৰ শিশুৰ ভিতৰত মাত্ৰ এটাহে এনে ঘটনা দেখিবলৈ পোৱা যায়।

অৱশ্যে অস্ত্ৰোপচাৰৰ জৰিয়তে শিশুটিৰ অতিৰিক্ত দুখন ভৰি আঁতৰাই সুস্থ কৰি তুলিব পৰা যাব বুলিও আশা ব্যক্ত কৰে চিকিৎসকে।

কমলা ৰাজা চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসকে জনোৱা মতে, জন্মৰ সময়তে শিশুটিৰ শাৰীৰিক বিকৃতি দেখা গৈছিল। এনে ক্ষেত্ৰত অতিৰিক্ত ভ্ৰুণ গঠন হয়। ইয়াক ইছিঅ’পাগছ বোলা হয়। ইয়াত গৰ্ভত বাঢ়ি অহা শিশুৰ শৰীৰৰ তলৰ অংশৰ অতিৰিক্ত বিকাশ ঘটে।

অধীক্ষক ডাঃ ধাকড়ে কয় যে এনে শিশুক অস্ত্ৰোপচাৰৰ দ্বাৰা আৰোগ্য কৰি তুলিব পাৰি। ইয়াত কোনো বিপদ নাই।

ইফালে চাৰিখন ভৰি লৈ জন্মগ্ৰহণ কৰা এই শিশুটি চাবলৈ এতিয়া হাস্পতাললৈ সোঁত বৈছে বহু লোকৰ। ধৰ্মান্ধ একাংশই শিশুটিক অলৌলিক বুলিও অভিহিত কৰিছে।