শোকাবহ! মোবাইলত গেম খেলি থাকোতেই ঢলি পৰি মৃত্যু যুৱ সাংবাদিক এমৰাদুলৰ…

নিউজ ডেস্কঃ মোবাইলত গেম খেলি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু এগৰাকী যুৱ সাংবাদিকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি গাঁৱত।

দুপৰীয়া বিলৰ পাৰত বহি মোবাইলত গেম খেলি থকাৰ সময়তে হঠাৎ ঢলি পৰে এমৰাদুল হুছেইন (৩০) নামৰ বিজেপিৰ কৰ্মী তথা সাংবাদিকজন।

লগে লগে পৰিয়ালৰ লোকে তেওঁক নগাঁৱৰ দিউকেয়াৰ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

জানিব পৰা মতে, জনতাৰ খবৰ নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰ আছিল এমৰাদুল হুছেইন।

আমলখি গাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান লগতে টুকটুকী প্ৰেছ ক্লাবৰ সদস্যও আছিল তেওঁ।

যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।