বৃদ্ধা হত্যাকাৰী ‘গেংছ অৱ ডেভিল’ৰ ২ সদস্যক গ্ৰেপ্তাৰ, শাস্তিমূলক বদলি বিলাসীপাৰা আৰক্ষী থানাৰ OC সঞ্জীৱ দাসকো…

নিউজ ডেস্কঃ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক বাইকেৰে খুন্দিয়াই হত্যা কৰাৰ পিছত ১০ মিনিটত থানাৰ পৰা ওলাই অহা হত্যাকাৰী বাইকাৰ আৰু সামাজিক মাধ্যমত ভিডিঅ’ পোষ্ট কৰি অট্টহাস্য কৰা ‘গেংছ অৱ ডেভিল’ৰ সদস্য অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

বুধবাৰে এই তথ্য সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

ৰাজ্যৰ বিশেষ ডিজিপি জিপি সিঙে টুইটযোগে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত কৰা মিনহাজুল কৰিম ওৰফে ৰহিম আৰু সামাজিক মাধ্যমত ভিডিঅ’ পোষ্ট কৰি আৰক্ষীক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা অখিল আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ধুবুৰীৰ বিলাসীপাৰাত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা।

নিজকে গেংছ অৱ ডেভিল বুলি পৰিচয় দিয়া এটা বাইকাৰ দলৰ এজন সদস্যৰ বাইকৰ খুন্দাত মৃত্যু ঘটিছিল এগৰাকী ৭০ বৰ্ষীয় বৃদ্ধাৰ।

ইফালে গেংছ অৱ ডেভিলৰ এজন সদস্যই ভিডিঅ’ পোষ্ট কৰি মানুহ হত্যা কৰি ১০ মিনিটত থানাৰ পৰা ওলাই অহা বুলি দম্ভালি মাৰিছিল।

এই ভিডিঅ’টোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে তথাকথিত বাইকাৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।

সমান্তৰালভাৱে গেংছ অৱ ডেভিলৰ সদস্যক ১০ মিনিটৰ ভিতৰত মুক্ত কৰি দিয়াৰ অপৰধাত শাস্তিমূলক বদলি প্ৰদান কৰা হৈছে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ দাসকো।