এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান…

নিউজ ডেস্কঃ অতি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হ’ল এগৰাকী ৩০ বৰ্ষীয় যুৱতীৰ বিবাহ।

বিয়াত উপস্থিত থাকিল ৩ শতাধিক লোক। পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হৈ থাকিল পৰিৱেশ। সম্পন্ন কৰা হ’ল বৰমালা পিন্ধোৱা, কন্যাদান আদি ৰীতি-নীতিও।

দেখাত এখন সাধাৰণ বিয়াৰ দৰেই এই বিয়াখন তথাপিও ব্যতিক্ৰম। যাৰ বাবে এতিয়া সামাজিক মাধ্যমতো চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে এই বিশেষ বিয়াখন।

th 6
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 7

কাৰণ এই বিয়াখনৰ জৰিয়তে মন্দিৰৰ ভগৱানকে বৰমালা পিন্ধাই স্বামী হিচাপে বৰণ কৰিলে ৩০ বছৰীয়া যুৱতীগৰাকীয়ে।

যোৱা ৮ ডিচেম্বৰত ৰাজস্থানৰ জয়পুৰত মন্দিৰত থকা ভগৱানৰ প্ৰতিমূৰ্তিৰ সৈতেই মহা ধুমধামেৰে বিবাহ পাশত আৱদ্ধ হ’ল ৩০ বৰ্ষীয় পূজা সিং নামৰ যুৱতীগৰাকী।

th 5
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 8

৩ শতাধিক লোকৰ সন্মুখত হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হোৱা এই বিয়াখনক লৈয়ে এতিয়া চলিছে চৰ্চা।

বিয়াৰ কইনা পূজা সিঙে জানিবলৈ দিয়া মতে, তেওঁ শৈশৱৰ পৰাই পতি-পত্নীৰ মাজত সৰু সৰু কাৰণক লৈ সংঘটিত হোৱা কাজিয়াবোৰ দেখি দেখি অতীষ্ঠ হৈ পৰিছিল।

সুন্দৰী যুৱতীগৰাকীৰ পাণি গ্ৰহণ কৰিবলৈ বহু সুন্দৰ-সুঠাম যুৱকৰ শাৰী লাগিছিল। কিন্তু প্ৰতিবাৰেই বিভিন্ন অজুহাত দেখুৱাই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছিল পূজাই।

th 4
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 9

পূজাই কয়, ‘বিয়াৰ বাবে অগণন প্ৰস্তাৱ লাভ কৰাৰ সময়তে মই তুলসী বিবাহৰ বিষয়ে শুনিবলৈ পাইছিলো। এবাৰ তুলসী বিবাহ নিজে দেখাৰো সৌভাগ্য হৈছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলো- যদি ঠাকুৰজীয়ে তুলসীক বিয়া কৰাব পাৰে, তেন্তে মই ঠাকুৰজীক কিয় বিয়া কৰাব নোৱাৰিম?’

সিদ্ধান্ত অনুসৰিয়েই মন্দিৰৰ ভগৱান ঠাকুৰজীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় পূজা সিঙে।

অৱশ্যেই তেওঁৰ এই সিদ্ধান্তত আপত্তি আছিল পিতৃৰ। কিন্তু পূজাই সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল মাতৃৰ পৰা। যাৰ বাবে বিয়াত কন্যাদানো কৰে মাতৃয়েই।

th 3
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 10

পূজাৰ মতে, তেওঁ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বিভিন্নজনে তেওঁক ঠাট্টা কৰিছিল, সমালোচনা কৰিছিল। কিন্তু কাৰো কথাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি অৱশেষত তেওঁ এই বিয়াখন সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।

ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী পূজা সিঙে যোৱা ৮ ডিচেম্বৰত সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হয় মন্দিৰৰ ঠাকুৰজীৰ প্ৰতিমূৰ্তিৰ সৈতে।

th 2
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 11

অৱশ্যে এই বিয়াখনত উপস্থিত নাথাকিল পূজাৰ পিতৃ প্ৰেম সিং। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত বিএছএফ জোৱান আৰু বৰ্তমান মধ্যপ্ৰদেশত এটা নিৰাপত্তা সংস্থা তেওঁ চলাই আছে।

পিতৃৰ অনুপস্থিতিত মাতৃ ৰতন কানৱাৰেই কন্যাদান কৰে। বিয়াখনত উপস্থিত থাকে পূজাৰ ৩ ভাতৃৰ লগতে বহু আত্মীয় স্বজনো।

এই বিয়াখনক লৈ যথেষ্ট সুখী পূজা সিং। ভগৱানক স্বামী হিচাপে বৰণ কৰাৰ পিছত এতিয়া মাটিতে শোৱে পূজাই।

th 1
এখন ব্যতিক্ৰমী বিবাহ! মন্দিৰৰ ভগৱানৰ সৈতেই বিয়াত বহিল এগৰাকী যুৱতী, পিন্ধালে বৰমালা, ল’লে সেন্দূৰ, মাতৃয়ে কৰিলে কন্যাদান… 12

তদুপৰি প্ৰতিদিনে পুৱা-সন্ধিয়া ঠাকুৰজীৰ বাবে নিজে ভোগ প্ৰস্তুত কৰি দৰ্শনৰ বাবে যায় পূজাই।

৩০ বৰ্ষীয় পূজা সিঙৰ ইশ্বৰ ভক্তি আৰু স্বয়ং ভগৱানকে স্বামীৰূপে বৰণ কৰাৰ সিদ্ধান্তই এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।