প্ৰধানমন্ত্ৰী মোডীৰ নতুন পৰামৰ্শদাতা নিযুক্তি।
তথ্য আৰু সম্প্ৰচাৰণ বিভাগৰ প্ৰাক্তন সচিৱ তথা ১৯৮৫ বেটছৰ আই এ এছ বিষয়া অমিত খাৰেক মোডীৰ নতুন পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
৩০ ছেপ্তেম্বৰত অমিত খাৰে উচ্চ শিক্ষা বিভাগৰ সচিৱ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
ইয়াৰ পিছতে ১২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয় খাৰেক।
উল্লেখ্য যে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অমিত খাৰেৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আছিল।
প্ৰাক্তন কেবিনেট সচিৱ পি কে সিনহা আৰু অমৰজিত সিনহাই চলিত বৰ্ষত প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাতা পদৰ পৰা পদত্যাগ কৰাৰ পাছতে এতিয়া অমিত খাৰে পি কে সিনহা আৰু অমৰজিত সিনহাৰ স্থলাভিষিক্ত হ’ব।









