পূজাৰ আনন্দৰ মাজতে অঘটন! একেটা পৰিয়ালৰ দুটিকৈ দেৱশিশুৰ সলিল সমাধি…

পূজাৰ আনন্দৰ মাজতে এক মৰ্মান্তিক ঘটনা।

একেটা পৰিয়ালৰ দুটিকৈ দেৱশিশুৰ সলিল সমাধি।

সোণতলীৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণকুঁছিয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

এটা পৰিয়ালৰ দুটি শিশু খেলি থকা অৱস্থাতে আকস্মিকভাৱে পুখুৰীত পৰি মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ সোণতলী গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিব পৰামতে পুৰাণকুঁছিয়া গাঁৱৰ স্বাহ আলমৰ তিনি বছৰীয়া কন্যা সন্তান আফ্ৰিন পাৰবিন আৰু জাহিদুল ইছলামৰ তিনি বছৰীয়া পুত্ৰ সন্তান শাকিল খন্দকাৰে ঘৰৰ ওচৰৰ পুখুৰী এটাত পৰি মৃত্যুবৰণ কৰে৷

পৰিয়ালৰ লোকে পুখুৰীৰ পৰা শিশু দুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে শিশু দুটি মৃত্যু হৈছে বুলি ঘোষণা কৰে৷

এটা পৰিয়ালৰ দুটি দেৱশিশু একেলগে মৃত্যু হোৱাত অঞ্চলটোত সৃষ্টি হয় শোকাকুল পৰিবেশৰ।

Leave a Comment