অ’চি সমৰজিত বসুমতাৰীৰ দায়বদ্ধতা! ভৰা নৈত জঁপিয়াই প্ৰাণৰক্ষা কৰিলে ব্যক্তিৰ, প্ৰশংসাৰে উপচাই পেলালে সকলোৱে…

নিউজ ডেস্কঃ ভৰা নৈত ডুবিবলৈ ধৰা এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰি সৰ্বত্ৰে প্ৰশংসিত হৈছে এগৰাকী আৰক্ষী বিষয়া।

ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও আৰক্ষী বিষয়াগৰাকীৰ সাহসিকতাৰ শলাগ লৈ প্ৰশংসাৰে উপচাই পেলাইছে।

image 3
অ’চি সমৰজিত বসুমতাৰীৰ দায়বদ্ধতা! ভৰা নৈত জঁপিয়াই প্ৰাণৰক্ষা কৰিলে ব্যক্তিৰ, প্ৰশংসাৰে উপচাই পেলালে সকলোৱে… 3

জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ তিনখাল সেতুৰ ওপৰৰ পৰা এজন ব্যক্তিয়ে মঙলবাৰে পুৱা লংগাই নদীত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়।

ব্যক্তিজনে নৈত জাঁপ দিয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিত বসুমতাৰীক খবৰ দিয়ে।

image 2
অ’চি সমৰজিত বসুমতাৰীৰ দায়বদ্ধতা! ভৰা নৈত জঁপিয়াই প্ৰাণৰক্ষা কৰিলে ব্যক্তিৰ, প্ৰশংসাৰে উপচাই পেলালে সকলোৱে… 4

ইয়াৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিজৰ জীৱনকো তুচ্ছ কৰি নৈত জঁপিয়াই পৰে আৰু লোকজনক উদ্ধাৰ কৰি পাৰলৈ আনে।

বৰ্তমান লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

ইপিনে নিজৰ জীৱনক বিপদাপন্ন কৰি এজন ব্যক্তিৰ বাবে নৈত জঁপিয়াই পৰা অ’চি সমৰজিত বসুমতাৰীৰ সাহসিকতাৰ প্ৰশংসা কৰিছে অঞ্চলবাসীৰ লগতে বিভিন্নজনে।