বাংলাদেশত থকা অসমীয়া, বড়ো পৰিয়ালক সাক্ষাৎ কৰিবলৈ যাব অসম বিধানসভাৰ ৩০ জনীয়া প্ৰতিনিধি দল, ১৫ নৱেম্বৰত আৰম্ভ কৰিব যাত্ৰা…

নিউজ ডেস্কঃ বাংলাদেশৰ নিৱাসী অসমীয়া আৰু বড়ো পৰিয়ালৰ সৈতে ভাৱ বিনিময় কৰিবলৈ অহা নৱেম্বৰত বাংলাদেশলৈ যাব অসম বিধানসভাৰ এটা প্ৰতিনিধি দল।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত শাসক-বিৰোধী বিধায়কৰ ৩০ জনীয়া প্ৰতিনিধি দলটোৱে বাংলাদেশত থকা অসমীয়া আৰু বড়ো পৰিয়ালৰ সৈতে ভাৱ আৰু সংস্কৃতিক কাৰ্যসূচী বিনিময় কৰাৰ লগতে দেশখনৰ কেইবাগৰাকীও বিশেষ ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ’ব।

বিধানসভাৰ প্ৰতিনিধি দলটোৰ সৈতে লগত যাব এটা সাংস্কৃতিক দলো।

জানিব পৰা মতে, অহা ১৫ নৱেম্বৰত গুৱাহাটীৰ পৰা বিমানযোগে প্ৰতিনিধি দলটো আগৰতলাত উপস্থিত হোৱাৰ পিছত তাত ৰাতিটো কটাই পিছদিনা স্থলপথেৰে ঢাকালৈ ৰাওনা হ’ব।

প্ৰতিনিধি দলটো ঢাকাত উপস্থিত হোৱাৰ পিছত প্ৰথমে বাংলাদেশ সংসদৰ অধ্যক্ষ চিৰি চাৰমিন চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব। তাৰ পিছতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদক সাক্ষাৎ কৰিব প্ৰতিনিধি দলটোৱে।

পৰৱৰ্তী সময়ত অসমৰ প্ৰতিনিধি দলটোৱে ৰঙামাটি গাঁৱত বসবাস কৰা অসমীয়া পৰিয়ালৰ লগতে চিটাগঙৰ খাগ্ৰাচাৰি গাঁৱত বসবাস কৰা বড়ো পৰিয়ালক সাক্ষাৎ কৰি ভাৱৰ আদান প্ৰদান কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও বিনিময় কৰিব।

তাৰ পিছত ২০ নৱেম্বৰত বাংলাদেশৰ পৰা উভতিব প্ৰতিনিধি দলটোৱে।