এইবাৰ নলবাৰীৰ ৰাস চাবলৈ আহিব বলিউডৰ ড্ৰীমগাৰ্ল হেমা মালিনী…

নিউজ ডেস্কঃ অহা ৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱলৈ এইবাৰ আগমণ ঘটিব বলিউডৰ ড্ৰীমগাৰ্ল খ্যাত মোহময়ী অভিনেত্ৰী হেমা মালিনীৰ।

নলবাৰীলৈ আহি প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ উপভোগ কৰিব অভিনেত্ৰীগৰাকীয়ে।

বলিউডৰ তাৰকা অভিনেত্ৰীগৰাকীৰ আগমণৰ বাতৰি লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ৰাস আয়োজক সমিতিৰ লগতে সমগ্ৰ নলবাৰীবাসী।

image 242
এইবাৰ নলবাৰীৰ ৰাস চাবলৈ আহিব বলিউডৰ ড্ৰীমগাৰ্ল হেমা মালিনী… 2

জানিব পৰা মতে, ১১ নৱেম্বৰত ৰাস মহোৎসৱৰ এক অনুষ্ঠানত অংশ ল’ব হেমা মালিনীয়ে।

উল্লেখ্য যে, এইবাৰ ৭ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ।