নিউজ ডেস্কঃ এইবাৰ দীপাৱলীত শাৰীৰিক ভংগীমাৰে হি্ন্দু ধৰ্মৰ পবিত্ৰ চিহ্ন ‘স্বস্তিকা’ৰ ৰূপ লৈ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ পৰিছে পাঠশালাৰ এগৰাকী যুৱতী।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা যুৱতীগৰাকীৰ এখন ফটো প্ৰত্যক্ষ কৰি তেওঁৰ শাৰীৰিক ক্ষমতা আৰু পাৰদৰ্শিতাৰ উচ্চ প্ৰশংসা কৰিছে নেট ব্যৱহাৰকাৰীয়ে।
এই যুৱতীগৰাকী হৈছে পাঠশালাৰ লিপিকা তালুকদাৰ।
উল্লেখ্য যে, বৰ্তমান বাংগালুৰুৰ নিৱাসী ২৯ বৰ্ষীয় লিপিকা তালুকদাৰ পেছাত পূৰ্বে এগৰাকী যোগ প্ৰশিক্ষক আছিল।
পাঠশালাৰ শান্তিকুঞ্জ ৰিহেবিলিটেশ্যন কেন্দ্ৰত যোগ প্ৰশিক্ষক হিচাপে নিয়োজিত হৈ থাকি লিপিকাই সদৌ অসম ক্ৰীড়া চেম্পিয়নশ্বিপ, ২০১৯ত ‘যোগ সম্ৰাজ্ঞী’ৰো খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা লিপিকা তালুকদাৰে জুবিন ক্লাছিক যোগ চেম্পিয়নশ্বিপ ২০১৯তো বেষ্ট অৱ দ্য বেষ্টৰ খিতাপ অৰ্জন কৰিছিল।
বৰ্তমান বজালীৰ ব্ৰেইন এণ্ড ফিগাৰ গ্ৰুপৰ হৈ স্বেচ্ছাসেৱী হিচাপে যোগ আৰু স্বাস্থ্যৰ বিষয়ে মানুহক কৰি অহা লিপিকা তালুকদাৰে দীপাৱলীৰ সময়ত যোগাভ্যাসৰ শাৰীৰিক ভংগীমাৰেই স্বস্তিকাৰ ৰূপ লৈছিল।
যুৱতীগৰাকীৰ এই ভংগীমাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে অনেক জনে প্ৰশংসাৰে উপচাই পেলাইছে পাঠশালাৰ লিপিকাক।









