বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিব চৰকাৰে…

বিশিষ্ট অভিনেতা তথা অসমবাসীৰ মৰমৰ নিপন গোস্বামী আৰু নাই।

নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ যশস্বী অভিনেতাগৰাকীৰ।

পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ।

image 207
বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিব চৰকাৰে... 2

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ।

লগতে গোস্বামীৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিব চৰকাৰে।

ৰাজ্য চৰকাৰৰ হৈ এই কথা জনালে কৰিলে মন্ত্ৰী অশোক সিংঘালে।

কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল নিপন গোস্বামীয়ে।

তেওঁৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক।

ইপিনে অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।