নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক মুখ্যমন্ত্ৰীৰ, ‘ককাদেউতা নাতি আৰু হাতী’ত একেলগে কৰিছিল অভিনয়…

অসমীয়া ছবি জগতৰ মহীৰূহ খ্যাত নিপন গোস্বামী আৰু নাই।

অসমীয়া বোলছবি জগতৰ অভিভাৱক আছিল নিপন গোস্বামী ।

৭০-৮০দশকৰ পৰা নব্বৈ দশকলৈ যিমান বোৰ অসমীয়া বোলছবিৰ সৃষ্টি হৈছিল তাৰ ভিতৰত প্ৰায় ৯০% ছবিতে অনবদ্য অভিনয় কৰিছিল নিপন গোস্বামী ডাঙৰীয়াই।

image 209
নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক মুখ্যমন্ত্ৰীৰ, ‘ককাদেউতা নাতি আৰু হাতী’ত একেলগে কৰিছিল অভিনয়... 3

বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ।

কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। তেওঁৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক।

নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লিখিছে- অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱৰ পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ। শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ।

image 208
নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক মুখ্যমন্ত্ৰীৰ, ‘ককাদেউতা নাতি আৰু হাতী’ত একেলগে কৰিছিল অভিনয়... 4

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু কালতে অসমীয়া চলচ্চিত্ৰ ‘ককাদেউতা নাতি আৰু হাতী’ত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ সৈতে অভিনয় কৰিছিল।