শোকাবহ! বাসগৃহত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ, চিকিৎসাধীন পত্নী-পুত্ৰ

নিউজ ডেস্কঃ নিজৰ বাসগৃহত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে এগৰাকী অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই।

শনিবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ইন্দিৰা নগৰৰ এটা বাসগৃহত সংঘটিত অগ্নিকাণ্ডত অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া দীনেশ চন্দ্ৰ পাণ্ডেৰ মৃত্যু ঘটাৰ বিপৰীতে তেওঁৰ পুত্ৰ আৰু পত্নী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, শনিবাৰে সংঘটিত অগ্নিকাণ্ডৰ পিছত দীনেশ চন্দ্ৰ পাণ্ডেয়ে পৰিয়ালসহ ঘৰৰ পৰা ওলাই অহাৰ চেষ্টা চলায় যদিও জুইয়ে সমগ্ৰ ঘৰটো ঘেৰি ধৰাত এটা কোঠাৰ ভিতৰতে তেওঁলোক আৱদ্ধ হৈ পৰে।

ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

former ips died fire
শোকাবহ! বাসগৃহত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ, চিকিৎসাধীন পত্নী-পুত্ৰ 2

উদ্ধাৰকাৰী দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দীনেশ চন্দ্ৰ পাণ্ডে আৰু তেওঁৰ পত্নী-পুত্ৰক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীক।

বৰ্তমান তেওঁৰ পত্নী আৰু পুত্ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

বাসগৃহত অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা নাই। ঘটনা সন্দৰ্ভত ইন্দিৰা নগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।