মৰ্মান্তিক! বাছ আৰু কণ্টেইনাৰৰ সংঘৰ্ষত নিহত শিশুসহ ৪ জনকৈ লোক, আহত ৪২ জন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ ইটাৱাৰ সমীপৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত দেওবাৰে পুৱা এখন কণ্টেইনাৰ আৰু এখন ডাবল ডেকাৰ বাছৰ সংঘৰ্ষত শিশুসহ ৪ জন লোক নিহত হোৱাৰ লগতে আহত হয় ৪২ জন।

আহত আটাইকেইজনকে ছৈফাই মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক প্ৰদাশ কৰাৰ লগতে আহত সকলক উন্নত চিকিৎসা আৰু উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

image 182
মৰ্মান্তিক! বাছ আৰু কণ্টেইনাৰৰ সংঘৰ্ষত নিহত শিশুসহ ৪ জনকৈ লোক, আহত ৪২ জন 4

প্ৰাপ্ত খবৰ অনুসৰি, বাছখন গোৰখপুৰৰ পৰা আজমেৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত আছিল ৬০ জন যাত্ৰী।

image 183
মৰ্মান্তিক! বাছ আৰু কণ্টেইনাৰৰ সংঘৰ্ষত নিহত শিশুসহ ৪ জনকৈ লোক, আহত ৪২ জন 5

আৰক্ষীয়ে জনোৱা মতে, নিহত সকলক শ্ৰেয়া (৭), হামিদ আলী (৩৫), সুমেৰ সিং গুজ্জাৰ (৫২) আৰু সোণু চতুৰ্বেদী (৩২) বুলি চিনাক্ত কৰা হৈছে।

image 184
মৰ্মান্তিক! বাছ আৰু কণ্টেইনাৰৰ সংঘৰ্ষত নিহত শিশুসহ ৪ জনকৈ লোক, আহত ৪২ জন 6

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।