এক চাঞ্চল্যকৰ ঘটনা।
বেংকলৈ বুলি ওলাই গৈ সন্ধানহীন মাতৃ-কন্যা।
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বৰদিকৰাই মিৰিগাঁৱত সংঘটিত হৈছে এই নিৰুদ্দেশৰ ঘটনা।
গাঁৱখনৰ ৰাজেন মিলিৰ পত্নী-কন্যাসহ শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, পত্নী মঞ্জু মিলিয়ে শুকুৰবাৰে পুৱা কন্যা কৰিশ্মা মিলিক লৈ স্থানীয় ৰঙাচকুৱা ষ্টেট বেংকলৈ বুলি ওলাই গৈছিল। কিন্তু সন্তানসহ মহিলাগৰাকী নিশা ৯ বজালৈকে ঘৰলৈ উভতি নহাত স্বামী আৰু পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে।
পাছত বিভিন্ন স্থানত থকা আত্মীয়ৰ ঘৰত খবৰ কৰিও পত্নী-সন্তানৰ কোনো সম্ভেদ নাপালে স্বামীয়ে।
অৱশেষত স্বামী ৰাজেন মিলিয়ে জামুগুৰি থানাত এখন এজাহাৰ দাখিল কৰিছে।
এই সন্দৰ্ভত কোনো সদাশয় লোকে মাতৃ-কন্যাৰ সম্ভেদ পালে ৭০৮৬৫৬৮৪৬৬ আৰু ১১০ 155 1660 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।









