এইবাৰ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হস্তী পূজাৰ আয়োজন বন বিভাগৰ

নিউজ ডেস্কঃ যিমানেই বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাইছে, সিমানেই বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতী আৰু মানুহৰ মাজৰ এই সংঘাতত প্ৰাণ হেৰুৱাইছে বহু লোকে, হাতীয়ে খাই-গচকি তহিলং কৰিছে বহু কৃষকৰ খেতিপথাৰ।

এই হাতীৰ আক্ৰমণৰ বাবেই বহু লোক আজি গৃহহীন হৈ পৰিছে।

বিশেষকৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত বিগত দুই দশকৰো অধিক কাল হাতী-মানুহৰ সংঘাত অব্যাহত আছে।

photo1665920918
এইবাৰ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হস্তী পূজাৰ আয়োজন বন বিভাগৰ 3

অসম মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বেলগুৰি, জয়পুৰ, গাৰোপাৰা, চল্লি, পুৰাণ শুকুৰবেৰীয়া, বামাবাহাৰ আদি অঞ্চলত প্ৰায় প্ৰতিদিনেই বন্যহস্তীয়ে সৃষ্টি কৰি আহিছে আতংকৰ।

কৃষিৰ ওপৰতে ভিত্তি কৰি জীৱন নিৰ্বাহ কৰা অঞ্চলটোৰ অধিকাংশ লোকৰ কৃষি শস্য, বাসগৃহ একপ্ৰকাৰ উচ্ছেদ কৰি আহিছে বন্যহস্তীয়ে।

সমান্তৰালভাৱে হাতীৰ আক্ৰমণত বৃহত্তৰ ৰাণী অঞ্চলত একাধিক লোকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবেই এইবাৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা হ’ল বিশেষ পদক্ষেপ।

photo1665920931
এইবাৰ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হস্তী পূজাৰ আয়োজন বন বিভাগৰ 4

শনিবাৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জৰাশাল বনাঞ্চলত এখনি হস্তী পূজাৰ আয়োজন কৰে বন বিভাগ আৰু স্থানীয় ৰাইজে।

হোমপৰ্ব, পূজা আদি মাংগলিক অনুষ্ঠানৰ আয়োজনৰে এই পূজা অনুষ্ঠিত কৰি হাতীৰ আতংকৰ পৰা পৰিত্ৰাণ বিচাৰে স্থানীয় ৰাইজ আৰু বন বিভাগে।

এই পূজাত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, পূৰ্বৰ বন বিষয়া মনোৰঞ্জন বৰ্মন, শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া ভূপেন বৰ্মনকে ধৰি বহুকেইজন বনকৰ্মী, জয়পুৰ গাঁওৰ গাওঁবুঢ়া বাবুল ৰাভা, সমাজকর্মী অপূৰ্ব গোস্বামী, অনিল গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট লোক আৰু স্থানীয় লোক উপস্থিত থাকে।