নিউজ ডেস্কঃ ঘৰৰ ভিতৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ পিতা-পুত্ৰৰ মৃতদেহ!
শুকুৰবাৰে হায়দৰাবাদৰ উপ্পল অঞ্চলত এগৰাকী ৭৮ বৰ্ষীয় ব্যক্তি আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ ঘৰৰ ভিতৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
উপ্পল থানাৰ অন্তৰ্গত হনুমান সাই নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড।
আদালতত বিচাৰধীন পৰিয়ালৰ সম্পত্তি বিবাদৰ বাবেই পিতা-পুত্ৰক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি হত্যাকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত এই ঘটনা সংঘটিত হয়।

নৰসিংহ মূৰ্তি নামৰ লোকজনে তেওঁৰ ঘৰৰ প্ৰৱেশদ্বাৰত বহি থকাৰ সময়তে ঘৰৰ সিপাৰে থকা এটা হোষ্টেল অট্টালিকাৰ পৰা দুজন ব্যক্তিয়ে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰে।
দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত নৰসিংহ মূৰ্তিৰ এগৰাকী ঘৰুৱা কৰ্মীয়ে বাধা প্ৰদান কৰিবলৈ চেষ্টা চলায় যদিও দুৰ্বৃত্তই তেওঁকো ভাবুকি প্ৰদান কৰাত কৰ্মীজনে প্ৰাণৰ মমতাত সেই স্থানৰ পৰা পলায়ন কৰে।
কিন্তু পিতৃক দুৰ্বৃত্তই আক্ৰমণ কৰা দেখি পুত্ৰ শ্ৰীনিবাসে বাধা প্ৰদানৰ চেষ্টা চলাওতে তেওঁকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে দুৰ্বৃত্তই।
ইফালে এই ঘটনাৰ পিছতে নৰসিংহ মূৰ্তিৰ আন এজন পুত্ৰ ভেংকটেশৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।









