আজব! এগৰাকী মহিলাই একেলগে জন্ম দিলে তিনিটাকৈ পুত্ৰ সন্তান…

এক আজব ঘটনা।

এগৰাকী মহিলাই একেলগে জন্ম দিলে তিনিটাকৈ পুত্ৰ সন্তান

নগাঁৱৰ জিলাৰ ধিং ৰোডস্থিত এগৰাকী মহিলাই জন্ম দিলে তিনি পুত্ৰ সন্তানক।

জানিব পৰামতে, যোৱা ৬ অক্টোবৰত নগাঁও জিলাৰ ৰৌমাৰীৰ এগৰাকী মহিলাক পৰিয়ালৰ লোকে অতি সংকটজনক অৱস্থাত নগাঁৱৰ মেট্ৰ’ হাস্পতালত ভৰ্তি কৰাই।

পিছদিনা অষ্ট্ৰোপ্ৰচাৰৰ সহায়ত মহিলাগৰাকীয়ে তিনি পুত্ৰ সন্তান জন্ম দিয়ে।

ইফালে জ্যোষ্ঠ চিকিৎসক লতিকুৰ ৰহমানে জানিবলৈ দিয়া মতে, মহিলাগৰাকী সন্তান প্ৰসৱ কৰাৰ পিছত অসুস্থ হৈ পৰিছলি যদিও শিশুসহ মাতৃ বৰ্মান সম্পূৰ্ণ সুস্থ।

ইফালে জ্যোষ্ঠ চিকিৎসক লতিকুৰ ৰহমানে জানিব দিয়ে যে, ICUৰ খৰছ বিনামূলীয়া কৰি দিয়ে হাস্পতাল কৰ্তৃপক্ষই।