জিলা সংগ্ৰহালয়ক আনুষ্ঠানিকভাৱে হস্তান্তৰ মৰিয়নিত উদ্ধাৰ হোৱা ৰজাদিনীয়া হাত হিলৈ…

নিউজ ডেস্কঃ যোৰহাট জিলাৰ মৰিয়নিত উদ্ধাৰ হোৱা ৰজাদিনীয়া এটা হাত হিলৈ সংৰক্ষণৰ বাবে যোৰহাট জিলা সংগ্ৰহালয়ক প্ৰদান কৰে জিলা প্ৰশাসনে।

উল্লেখ্য যে, যোৱা ৭ অক্টোবৰত মৰিয়নিৰ ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুস্তুত উদ্ধাৰ হৈছিল আহোম ৰাজত্বকালৰ হাত হিলৈ (গাঠিয়া হিলৈ)টো।

চটাই চাহ বাগিচাৰ লাচিত নায়ক, প্রকাশ গোৱালা, চিৰচৰ পাহাৰীয়া, ৰবি তাঁতী আৰু বিকাশ দুচাদ নামৰ যুৱককেইজনে মাছ মাৰিবলৈ যোৱাৰ সময়তকে নৈৰ বালিত পোত গৈ থকা সময়ত হিলৈটো প্ৰত্যক্ষ কৰিছিল।

photo1665393686
জিলা সংগ্ৰহালয়ক আনুষ্ঠানিকভাৱে হস্তান্তৰ মৰিয়নিত উদ্ধাৰ হোৱা ৰজাদিনীয়া হাত হিলৈ… 3

পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে হিলৈটো উদ্ধাৰ কৰি দেওবাৰে মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া অসীম বুঢ়াগোহাঁইৰ উপস্থিতিত মৰিয়নি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্রিলোচন নাথে জিলা সংগ্ৰহালয় বিষয়া অৱস্তিকা পৰাশৰক সম্পদবিধ হস্তান্তৰ কৰে।

জিলা সংগ্ৰহালয়ৰ বিষয়া অৱস্তিকা পৰাশৰে জানিবলৈ দিয়া মতে, হাত হিলৈটোৰ ওপৰত লিখা থকা লিপি দীৰ্ঘদিন ধৰি বোকা-পানীত পোত গৈ থকা বাবে নষ্ট হৈ পৰিছে যদিও ‘স্বৰ্গ’ ‘গদাধৰ’ আদিৰ দৰে কেতবোৰ শব্দ স্পষ্ট হৈ আছে।

photo1665393736
জিলা সংগ্ৰহালয়ক আনুষ্ঠানিকভাৱে হস্তান্তৰ মৰিয়নিত উদ্ধাৰ হোৱা ৰজাদিনীয়া হাত হিলৈ… 4

যাৰ বাবে এই হাত হিলৈটো আহোম ৰজা গদাধৰ সিংহৰ দিনৰ বুলি অনুমান কৰিব পাৰি।

সেই অনুসৰি এই সম্পদবিধৰ সময়সীমা ১৬৮১ৰ পৰা ১৬৯০ৰ ভিতৰত হোৱাৰ পূৰ্ণ সম্ভাবনা আছে বুলি মন্তব্য কৰে অস্তৱিকা পৰাশৰে।

এই বিষয়ে সংগ্রহালয় সঞ্চালকালয়ৰ উদ্যোগত অধিক অধ্যয়নৰো আশ্বাস প্ৰদান কৰে বিষয়াগৰাকীয়ে।