এতিয়াও সন্ধান নাই কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত হোৱা গঁড়টোৰ, হাতী আৰু দ্ৰোণৰ সহায়ত বন বিভাগৰ অভিযান…

এতিয়াও সন্ধান নাই কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত হোৱা গঁড়টোৰ।

আহত গঁড়টো বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান।

কহঁৰাৰ বনাঞ্চলৰ বনকৰ্মী সকলে দিনে-নিশাই গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছে ৷

হাতী আৰু দ্ৰোণৰ সহায়ত হালধীবাৰী ঘন জংঘলত বন বিভাগে গড়টোক বিচাৰি অভিযান চলাই আছে।

1110
এতিয়াও সন্ধান নাই কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত হোৱা গঁড়টোৰ, হাতী আৰু দ্ৰোণৰ সহায়ত বন বিভাগৰ অভিযান... 2

গঁড়টো উদ্ধাৰ হ’লেই চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সাজু কৰি ৰাখিছে বন বিভাগে।

লগতে বন বিভাগে যান বাহনসমূহক গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্যে যে শনিবাৰে হালধীবাৰী এনিমেল কৰিডৰত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল গড়টো।

তাৰ পিছৰে পৰাই সন্ধান হৈ আছে আঘাতপ্ৰাপ্ত গড়টো।