চাঞ্চল্যকৰ! ঘৰৰ পৰা মাদ্ৰাছালৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন এজন ছাত্ৰ, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

ৰৰ পৰা মাদ্ৰাছালৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন এজন ছাত্ৰ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত সংঘটিত হৈছে এই নিৰুদ্দেশৰ ঘটনা।

যোৱা ৭তাৰিখ শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছে মীৰজুমলাস্থিত মাদ্ৰাছাৰৰ ছাত্ৰগৰাকী।

সন্ধানহীন ছাত্ৰজন গাৰোপাহাৰ জিলাৰ মহেন্দ্ৰগঞ্জৰ টংগুশ্বৰ গাঁৱৰ ইব্ৰাহিম শ্বেখৰ ১৫ বছৰীয়া পুত্ৰ হাবিবুৰ ৰহমান হাবিব বুলি জানিব পৰা গৈছে।

জানিব পৰামতে ৭অক্টোবৰৰ দিনা নিজ ঘৰৰ পৰা মানকাচৰৰ মীৰজুমলাস্থিত মাদ্ৰাছা অভিমুখে এখন মেজিক বাহনেৰে আহিছিল।

মানকাচৰৰ তিনিআলিৰ শাক-পাচলিৰ বজাৰত গাড়ীৰ পৰা নমাৰ পিছৰে পৰাই ছাত্ৰজন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে।

ইতিমধ্যে পৰিয়ালৰ লোকে মীৰজুমলাস্থিত আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।

১৫ বছৰীয়া সন্ধানহীন ছাত্ৰজনৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে।