শোকাবহ! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ মৃত্যু লোকশিল্পী, শিক্ষক তৰণীকান্ত দত্তৰ…

নিউজ ডেস্কঃ নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ প্ৰাণ ত্যাগ এগৰাকী নাগাৰা নামৰ পাঠকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ চাংসাৰিত।

জানিব পৰা মতে, চাংসাৰিৰ সমীপৱৰ্তী কলাকুছি সাতগাঁও হাইস্কুলৰ সহকাৰী শিক্ষক তথা নাগাৰা নামৰ পাঠক তৰণীকান্ত দত্তই শুকুৰবাৰে নিশা নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে আকস্মিকভাৱে অসুস্থ হৈ পৰি মৃত্যুক সাৱটি লয়।

দদৰাৰ এটা পৰিয়ালত অনুষ্ঠিত মাংগলিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল শিক্ষক তথা লোকশিল্পী তৰণীকান্ত দত্ত আৰু তেওঁৰ নাগাৰা নাম দলটোৱে।

photo1665302480
শোকাবহ! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ মৃত্যু লোকশিল্পী, শিক্ষক তৰণীকান্ত দত্তৰ… 2

সেই অনুসৰি নিশা তেওঁলোকে নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে তৰণীকান্ত দত্ত।

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিল্পীগৰাকীক।

নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে তেখেতৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

স্থানীয় বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত লোক শিল্পীগৰাকীৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

বিভিন্ন স্থানীয় দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে তৰণীকান্ত দত্তৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত শনিবাৰে অসংখ্য জনৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।